ধুবুৰী, 22 জানুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা বিশুদ্ধ খোৱা পানী যোগান আঁচনি বৰ্তমান ভূত বাংলাত পৰিণত হৈছে । চকুমুদা কুলিৰ ভাওত হাটশিঙীমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগ । হাটশিঙীমাৰীৰ নাতিদূৰত থকা খাৰুৱাবান্ধা বিশুদ্ধ খোৱা পানী যোগান আচঁনি বিগত ২০০৭/৮ বৰ্ষত প্ৰায় চাৰি কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল ৷ কিন্তু বৰ্তমান এই আচঁনিখন বিকল হৈ পৰাত অঞ্চলবাসী ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'ববলগীয়া হৈছে ৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোত খোৱা পানী আৰ্ছেনিকযুক্ত হোৱা হেতুকে নানান ধৰণৰ বেমাৰত ভুগিছে লোকসকল ৷ কিন্তু সকলো জানিও জনস্বাস্থ্য কাৰিকৰী বিভাগে এই আচঁনিখন মেৰামতি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনহাতে, বন্ধ হৈ থকা প্ৰকল্পটোৰ পৰা প্ৰতি মাহে ইন্ধন খৰচৰ বাবে অহা হাজাৰ হাজাৰ টকা আত্মসাৎ কৰি আছে বিভাগীয় কৰ্মচাৰীসকলে ৷ যাৰ বাবে খাৰুৱাবান্ধা বিশুদ্ধ খোৱা পানী আচঁনি সন্দৰ্ভত প্ৰশাসন তথা চৰকাক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই স্থানীয় ৰাইজে ৷
আৰু পঢ়কঃ প্লাষ্টিকৰ বিৰুদ্ধে বিজয়ৱাড়াৰ কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশাৱলী