ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্ত, 27 মাৰ্চঃ যিটো সময়ত অসম চৰকাৰে আৰক্ষী আধুনিকীকৰণৰ কথা কৈ আছে তেনে সময়তে অসমৰ এখন আৰক্ষী চকীৰ অৱস্থাই সলনি কৰিছেআধুনিকীকৰণৰ সংজ্ঞা ৷
এইখন কোনো সাধাৰণ আৰক্ষী চকী নহয়, এয়া হৈছে ভাৰত-বাংলা সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা অসমৰ আৰক্ষীৰ ধবুৰী জিলাস্থিত সত্ৰশাল ৰামৰাইকুটি আৰক্ষী চকী ৷
আৰক্ষীৰ আধুনিকীকৰণৰ কথা কোৱা অসম চৰকাৰৰ বিয়াগোম গৃহ বিভাগে আৰক্ষী চকীখনক এতিয়ালৈকে প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই এটি সাধাৰণ গৃহ ৷ ষাঠিৰ দশকত স্থাপন হোৱা এইখন আৰক্ষী চকীত এতিয়া মৃত্যুঘন্টা বাজিছে ৷
মাত্ৰ দুজন আৰক্ষীৰে চলি থকা এই আৰক্ষী চকীখনত নাই কোনো বেৰ নাই,কোনো চিলিং, মজিয়াতে পৰি ৰৈছে বহু গুৰুত্বপূৰ্ণ ফাইল ৷ আনকি দুজনআৰক্ষীৰে চলি থকা আৰক্ষী চকীখনত বহিবলৈয়ো নাই কোনো চকী ৷এনেদৰেই বছৰ বছৰ ধৰি চলি আহিছে এইখন আৰক্ষী চকী ৷