ETV Bharat / state

Firing in Dhubri: ধুবুৰীৰ গোলকগঞ্জত ব্ৰয়লাৰ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা - Firing Incident in Dhubri

ধুবুৰীৰ গোলকগঞ্জৰ লোহাজানিত আৰক্ষীৰ গুলীচালনা ৷ ব্ৰয়লাৰৰ চোৰাং সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ (Firing Incident in Dhubri) ৷

Firing Incident in Dhubri
আৰক্ষীৰ গুলীচালনা
author img

By

Published : Apr 5, 2023, 7:26 AM IST

নিষেধাজ্ঞাৰ পাছতো চলিছে ব্ৰয়লাৰৰ সৰবৰাহ

ধুবুৰী, 5 এপ্ৰিল: ধুবুৰীৰ গোলকগঞ্জৰ লোহাজানিত আৰক্ষীৰ গুলীচালনা ৷ ব্ৰয়লাৰৰ চোৰাং সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ ৷ ঝাৰখণ্ড আৰু বিহাৰত প্ৰাদুৰ্ভাৱ হোৱা এভিয়ান ইনফ্লুৱেঞ্জাৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যৰে যোৱা 10 মাৰ্চত অসমত বহিঃৰাজ্যৰ ব্ৰয়লাৰ আমদানি অনিৰ্দিষ্ট কাললৈ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল ৰাজ্য চৰকাৰে ৷ কিন্তু চৰকাৰৰ নিষেধাজ্ঞাৰ পাচতো এতিয়াও চোৰাংভাৱে অব্যাহত আছে ব্ৰয়লাৰৰ সৰবৰাহ(Firing Incident At Golokganj in Dhubri) ৷

ধুবুৰী জিলাৰ আগমনি ৰাজহ চক্ৰৰ হালাকুৰা আৰক্ষী তালাচী চকীৰ অন্তৰ্গত লোহাজানিৰ গংগাধৰ নদীপথেৰে বহিঃৰাজ্যৰ নিষিদ্ধ ব্ৰয়লাৰ চোৰাংকৈ সৰবৰাহ কৰা অৱস্থাত সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰো। বহিঃৰাজ্যৰ ব্ৰয়লাৰ অসমত নিষিদ্ধ কৰাৰ পাচত অসম-বংগ সীমান্তত সক্ৰিয় হৈ পৰিছে একাংশ অসাধু চক্ৰ ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ , একাংশ উপ পথৰ সমান্তৰালভাৱে নদী পথেৰেও বহিঃৰাজ্যৰ নিষিদ্ধ ব্ৰয়লাৰৰ অবৈধ সৰবৰাহ আৰম্ভ কৰিছে এই অসাধু চক্ৰই (Firing Incident in Dhubri) ৷

মঙলবাৰে বহিঃ ৰাজ্যৰ নিষিদ্ধ ব্ৰয়লাৰ গংগাধৰ নদী পথেৰে নাৱেৰে সৰবৰাহ কৰাৰ খবৰ লাভ কৰে হালাকুৰা আৰক্ষীয়ে । এই খবৰৰ ভিত্তিত হালাকুৰা আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতিৰ নেতৃত্বত হালাকুৰা আৰক্ষীৰ এটি দল উপস্থিত হয় লোহাজানি ঘাটত । আৰক্ষীৰ দলটো উপস্থিত হৈ নাওভৰ্তি বহিঃৰাজ্যৰ নিষিদ্ধ ব্ৰয়লাৰ সৰবৰাহ কৰা প্ৰত্যক্ষ কৰে । আৰক্ষীক দেখাৰ পাচতেই ব্ৰয়লাৰৰ চোৰাং সৰবৰাহকাৰীয়ে নাও লৈ পলায়ন কৰে (Police Shoot at Broiler Smugglers in Dhubri) ।

আৰক্ষীয়ে নাও ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও তীব্ৰ গতিৰে পালয়নৰ চেষ্টা কৰাত আৰক্ষীয়ে সৰবৰাহকাৰীলৈ লক্ষ্য কৰি দুইজাঁই গুলী নিক্ষেপ কৰে। অৱশ্যে আৰক্ষীৰ এই গুলীচালনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ গুলীচালনাৰ পাচত সৰবৰাহকাৰীৰ দলটো নাৱেৰে গংগাধৰ নৈ পাৰ হৈ পলায়ন কৰে । পৰবৰ্তী সময়ত আৰক্ষীয়ে নাওখন জব্দ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে এতিয়া তীব্ৰ চাঞ্চল্য‌ই বিৰাজ কৰিছে (Broiler Smuggling in Assam) ৷

লগতে পঢ়ক: Money laundering incident in Majuli: মাজুলীত বেনামী সংগঠনৰ নামত ধন সংগ্ৰহৰ চেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.