ধুবুৰী, ২৯ ডিচেম্বৰ: সোমবাৰে নিশা ধুবুৰীৰ গৌৰীপুৰত অবৈধ জুৱাৰ আড্ডা উৎখাত কৰিবলৈ আৰক্ষীয়ে অভিযান চলায় । আৰক্ষীয়ে তিনি জুৱাৰীক আটক কৰাৰ লগতে জুৱা খেলত ব্যৱহৃত সামগ্ৰী জব্দ কৰে । অভিযানত নগদ ধনো জব্দ কৰে আৰক্ষীয়ে ।
গৌৰীপুৰৰ ৰৌৱাৰ পাৰ তৃতীয় খণ্ড গাঁৱত দীৰ্ঘ দিন ধৰি জুৱাৰীৰ এটা বৃহৎ দলে জুৱাৰ আড্ডা আৰম্ভ কৰি অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা বুলি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এক গোপন তথ্য লাভ কৰিছিল ।
আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশ মৰ্মে গৌৰীপুৰ চহৰৰ উপ-পৰিৰ্দশক ত্রিলোচন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰৌৱাৰ পাৰ তৃতীয় খণ্ড গাঁৱত অভিযান চলাই ৩টা জুৱাৰীক আটক কৰে । ধৃত জুৱাৰীকেইটা সাহেৰ আলী, মজিদ আলী আৰু জৈনুদ্দিন আলী । জুৱাৰীকেইটাৰ পৰা আৰক্ষীয়ে নগদ ধন আৰু খেলত ব্যৱহৃত সামগ্ৰীও জব্দ কৰে । পৰৱৰ্তী সময়ত জুৱাৰ আড্ডা চলাই থকাসকলৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জনাইছে গৌৰীপুৰ আৰক্ষীয়ে ।