ETV Bharat / state

সুৰাৰ ৰাগিত মাতাল হৈ ৰাজীৱ ভৱনৰ চৌহদত মলত্যাগ আৰক্ষী উপ-পৰিদৰ্শকৰ

কৰ্তব্যৰ মাজতে সুৰাৰ ৰাগিত মাতাল হ’ল এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক (Drunken police person in Dhubri)৷ নিচা ইমানেই বেছি হ’ল যে, ৰাজীৱ ভৱনৰ চৌহদতে কৰিলে মলত্যাগ ৷ নিজৰ মল হাতত লৈ ৰাজপথ ঘূৰিলে খাকী পোচাকধাৰীয়ে ৷

author img

By

Published : May 29, 2022, 10:17 PM IST

Drunken police person in Dhubri
কৰ্তব্যৰ মাজতে মদৰ নিচাত মাতাল হ’ল আৰক্ষীৰ উপ-পৰিদৰ্শক

ধুবুৰী, 29 মে’: দিন-দুপৰতে সুৰাৰ ৰাগিত মাতাল হ’ল ধুবুৰী অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত আৰক্ষী উপ-পৰিদৰ্শক হৰেণ পাল (Drunken police person in Dhubri)৷ কৰ্তব্যৰ মাজতে ডিঙিলৈকে সুৰা গিলি ধুবুৰীৰ ৰাজীৱ ভৱনৰ চৌহদতে কৰিল মলত্যাগ ৷ ধুবুৰীৰ পাগলাহাট গাঁও পঞ্চায়তৰ উপ-নিৰ্বাচনত কৰ্তব্য পালনৰ বাবে অগ্নিনিৰ্বাপক বাহিনী নিয়োগ কৰা হৈছে ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত ।

অগ্নিনিৰ্বাপক বাহিনীৰ দলৰ নেতৃত্বত আছিল হৰেন পাল নামৰ আৰক্ষীৰ উপ-পৰিদৰ্শকজন । কিন্তু কৰ্তব্য পালনৰ সময়ত মদৰ নিচাত মাতাল হৈ ৰাজীৱ ভৱনৰ(Rajiv Bhawan Dhubri) চৌহদতে কৰিলে মলত্যাগ । এই কাণ্ড ৰাজীৱ ভৱনৰ কৰ্মচাৰীয়ে দেখি চিঞৰি উঠাত নিজৰ বিষ্ঠা হাতত লৈ খাকী পোচাকধাৰীজনে খোজ দিলে ধুবুৰীৰ ৰাজপথত । সেই সমগ্ৰ দৃশ্য বন্দী হ’ল কেমেৰাত ।

এই ঘৃণনীয় দৃশ্যই হতবাক কৰিলে পথচাৰীক । লজ্জানত কৰে অসম আৰক্ষীক । সেইবাবে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ অতিৰিক্ত সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰে ধুবুৰী অগ্নিনিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়াই । উল্লেখ্য যে, সুৰাসক্ত আৰক্ষী উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছিল এনে বিভিন্ন অভিযোগ ।

লগতে পঢ়ক: Encounter at Diphu : আৰক্ষীৰ গুলীত আহত পলাতক নাবালিকা ধৰ্ষণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.