ETV Bharat / state

বিলাসীপাৰাত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো - লক্ষীগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ ভুষণ সিx

ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষী বিষয়াৰ সহযোগত গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাকো ৷ ৰাইজৰ দাবী উন্নয়নৰ ক্ষেত্ৰত সঘনে দম্ভালি মাৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগে অঞ্চলটোত নিৰ্মাণ কৰক এখন পকী দলং ৷

বিলাসীপাৰাত গাঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাকো
author img

By

Published : Nov 2, 2019, 7:16 PM IST

বিলাসীপাৰা, 2 নৱেম্বৰঃ ধুবুৰীৰ বিলাসীপাৰাত গড়কাপ্তানী বিভাগলৈ ভ্ৰূক্ষেপ নকৰি ৰাইজক সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিছে এজন আৰক্ষী বিষয়া ৷ নিজৰ গাঁঠিৰ ধন আৰু ৰাইজৰ সহযোগত লক্ষীগঞ্জৰ পৰা শালকোচা পথত থকা গৌৰাং নৈৰ ওপৰত নিৰ্মাণ কৰি উলিয়ালে বাঁহৰ সাঁকো ৷ লক্ষীগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ ভুষণ সিঙৰ এনে কাৰ্যত সাময়িকভাৱে সকাহ পাইছে অঞ্চলটোৰ বৃহত্তৰ ৰাইজে ৷

বিলাসীপাৰাত গাঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাকো

ইপিনে, বাঁহৰ দলং খনৰ অভাৱত বিগত দীৰ্ঘদিন ধৰি যমৰ যন্ত্ৰণা ভুগি আহিছিল অঞ্চলটোৰ ৰাইজে ৷ যাতায়তৰ ক্ষেত্ৰত বিশেষভাৱে সমস্যাৰ সন্মুখীন হৈছিল স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকল ৷ আৰক্ষী বিষয়াগৰাকীৰ এনে কাৰ্যক প্ৰশংসা কৰিছে স্থানীয় ৰাইজৰ ৷ ৰাইজৰ দাবী উন্নয়নৰ ক্ষেত্ৰত সঘনে দম্ভালি মাৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগে অঞ্চলটোত নিৰ্মাণ কৰক এখন পকী দলং ৷

Intro:A. I - মানুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াই নহয় যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি অহা ৰাইজৰ কাষত থিয় দিলে এগৰাকী আৰক্ষী বিষয়া |
চৰকাৰী কোনো অনুদানেৰে নহয় নিজৰ গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলং সাজি দীৰ্ঘ দিনে যমৰ যাতনা ভুগি অহা শ শ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজক সাময়িক সকাহ আৰক্ষী বিষয়া গৰাকীৰ |Body:V. O - বিলাসীপাৰাৰ লক্ষীগঞ্জৰ পৰা শালকোচা পথত থকা গৌৰাং নৈৰ সুঁতি এখনৰ ওপৰত ভগা দলং এখনে যাতায়তৰ নামত জীয়াতু ভোগাই আহিছে বৃহত্তৰ অঞ্চলবাসীক | তেনে সময়তে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজক যাতায়তৰ ক্ষেত্ৰত সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহে লক্ষীগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ ভুষণ সিং | নিজৰ দায়িত্ব পালন কৰি অহাৰ পিছতো এই গৰাকী আৰক্ষী বিষয়াই বিলাসীপাৰা আঞ্চলিক পঞ্চায়তৰ সভাপতি ছহিদুল হক মুন্না, লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক মণ্ডল, লক্ষীগঞ্জ গাঁও পঞ্চায়তৰ সভানেত্ৰী আনিছা বেগমে নিজৰ ধনেৰে ৰাইজৰ সহযোগত বাঁহেৰে সাঁকো সাজি দি যাতায়তৰ ব্যৱস্থা গ্ৰহণ কৰি তোলে | এই সকল লোকৰ এনে কৰ্মৰাজিক ৰাইজে প্ৰশংসা কৰিছে | লগতে অতি প্ৰয়োজনীয় পথছোৱাত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে |Conclusion:Byte1. চহিদুল হক মুন্না,
2.মইনুল হক মণ্ডল শিক্ষক|
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.