ETV Bharat / state

একঁকাল পানীত নামি প্ৰতিবাদ গঞা ৰাইজৰ - অভিনৱ প্ৰতিবাদ

বিলাসীপাৰাত শোচনীয় পথৰ মেৰামতিৰ বাবে একঁকাল পানীত নামি প্ৰতিবাদ কৰিলে গাৱঁৰ ৰাইজে । বিলাসীপাৰা পুৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

শোচনীয় পথৰ মেৰামতিৰ বাবে একঁকাল পানীত নামি প্ৰতিবাদ
author img

By

Published : Oct 10, 2019, 3:03 PM IST

বিলাসীপাৰা , ১০ অক্টোবৰঃ বিলাসীপাৰাৰ উদমাৰীত গঞা ৰাইজৰ অভিনৱ প্ৰতিবাদ | শোচনীয় পথৰ মেৰামতিৰ বাবে একঁকাল পানীত নামি গঞাবাসীয়ে বিলাসীপাৰা পুৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী মূৰ্দাবাদ, অশোক কুমাৰ সিংহী হায় হায়, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ,সৰ্বানন্দ সোণোৱাল হায় হায় ধ্বনিৰে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ | বিগত চল্লিছ বছৰে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা বিলাসীপাৰা - কোকৰাঝাৰ সংযোগী পথৰ উদমাৰীৰ পৰা শালকোচা লৈ প্ৰায় চৈধ্য কিলোমিটাৰ পথে যমৰ যাতনা ভোগাইছে ৰাইজক । পথছোৱাৰ উদমাৰী ২য় খণ্ড গাঁৱত ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলঙখন যোৱাটো বিধ্বংসী বানত উটি যোৱাৰ ফলত ঠাই ডোখৰত জমা হোৱা গভীৰ পানীৰ মাজেৰে পাৰ হ'ব লগা হৈছে অঞ্চলবাসী ৰাইজ । দলঙৰ অভাৱত অঞ্চলটোৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে আধাতে সামৰিব লগীয়া হৈছে শিক্ষা জীৱন । এই বিষয়ে অঞ্চল বাসী ৰাইজে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও কাণষাৰ নাই জনপ্ৰতিনিধি তথা ৰজাঘৰীয়াৰ | উল্লেখ্য যে, যোৱাটো বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বে বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে তেওঁ নিৰ্বাচিত হলে এই পথেৰে সকলো যান-বাহনৰ যাতায়ত সূচল কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অঞ্চলবাসী ৰাইজক । কিন্তু এনে ভুৱা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰনী পাৰ হোৱা বিধায়ক গৰাকীয়ে যাতায়তৰ ব্যৱস্থা দুৰৈৰ কথা নিৰ্বাচনৰ পাছত আজিলৈকে অঞ্চলটোত ভৰি থোৱা নাই বুলি অভিযোগ অঞ্চলবাসীৰ | যাৰ বাবে বুধবাৰে এইদৰে একঁকাল পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰে গঞা ৰাইজে | অতি শীঘ্ৰে পথটোৰ দুৰৱস্থা দূৰ কৰি অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ |

শোচনীয় পথৰ মেৰামতিৰ বাবে একঁকাল পানীত নামি প্ৰতিবাদ

লগতে পঢ়কঃ কলগাছিয়াত কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন

Intro:A. I - বিলাসীপাৰাৰ উদমাৰীত গঞা ৰাইজৰ অভিনৱ প্ৰতিবাদ | একঁকাল পানীত নামি বিলাসীপাৰা পুৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী মূৰ্দাবাদ, অশোক কুমাৰ সিংহী হায় হায়, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ সৰ্বানন্দ সোনোৱাল হায় হায় ধ্বনিৰে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ | গঞা পুৰুষ মহিলা সকলে বুধবাৰে বিয়লি কিয় এই দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে চাঁও আহক এক প্ৰতিবেদন |Body:V. O - বিলাসীপাৰা - কোকৰাঝাৰ সংযোগী পথৰ উদমাৰীৰ পৰা শালকোচা লৈ প্ৰায় চৈধ্য কিলোমিটাৰ পথ | গ্ৰাম্য এই গুৰুত্বপূৰ্ণ পথ ছোৱা বিগত চল্লিছ বছৰে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে | তদুপৰি পথছোৱাৰ উদমাৰী ২য় খণ্ড গাঁৱত ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলং খন যোৱাটো বিধ্বংসী বানত উটি যায় | ফলত ঠাই ডোখৰৰ গভীৰ পানী সাঁতুৰি নাদুৰি ইপাৰ সিপাৰ হবলগীয়া হৈছে পথ ছোৱাৰে যাতায়ত কৰা পথচাৰী সকল | দলঙৰ অভাৱত অঞ্চলটোৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে আধাতে সামৰিব লগীয়া হৈছে শিক্ষা জীৱন | সাঁতুৰি সাঁতুৰি কৃষি কৰ্মও কৰিছে কৃষক ৰাইজে | Conclusion:এই বিষয়ে অঞ্চল বাসী ৰাইজে বহু বাৰ আবেদন নিবেদন কৰি অাহিছে যদিও কানষাৰ নাই জনপ্ৰতিনিধি তথা ৰজাঘৰীয়াৰ | উল্লেখ্য যে যোৱাটো বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বে বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে অঞ্চলবাসী ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তেওঁ নিৰ্বাচিত হলে এই পথেৰে সকলো যান বাহনৰ যাতায়ত সূচল কৰি তুলিব | কিন্তু এনে ভুৱা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰনী পাৰ হোৱা বিধায়ক গৰাকীয়ে যাতায়তৰ ব্যৱস্থা দুৰৈৰ কথা আজি কোপতি অঞ্চলটোত ভৰি থোৱা বুলি অভিযোগ অঞ্চল বাসীৰ | যাৰ বাবে বুধবাৰে এইদৰে একঁকাল পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰে গঞা ৰাইজে | ৰাইজৰ দাবী অতি শীঘ্ৰে পথটোৰ দুৰৱস্থা দুৰ কৰি অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দাবী তুলিছে | এই ক্ষেত্ৰত জনপ্ৰতিনিধি তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰি তুলিব সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হৈ পৰিব |
Byte1+2+3 স্থানীয় ৰাইজ ,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.