পশ্চিম বিলাসীপাৰা, 15 জুন : সাম্প্ৰতিক সময়ত চিকিৎসা বিজ্ঞানে সমগ্ৰ বিশ্বৰ পৰা কৰ’ণা ভাইৰাছ(corona virus)ক নিৰ্মূল কৰিবলৈ নিৰৱছিন্ন প্ৰচেষ্টা চলাই আছে ৷ সেই সময়তে দেশ অথবা ৰাজ্যত অন্ধবিশ্বাসৰ বলি হৈছে একাংশ লোক ৷ কেতিয়াবা কোনোয়ে যদি "গ’ কৰ’ণা গ'" শ্ল’গান দিছে, আন কোনোৱে কৰ’ণা নিৰ্মূলৰ বাবে আশ্ৰয় লৈছে পূজা-পাতলৰ ৷
তেনে এক দৃশ্য পৰিলক্ষিত হ’ল সোমবাৰে ৷ উৰুলি ধ্বনিৰে মুখৰিত হ'ল বিলাসীপাৰাৰ গৌৰাং নৈৰ পাৰ, নৈখনৰ দাঁতিত এভাগ বিশেষ পূজাৰ আয়োজন কৰা হয় ৷ বিলাসীপাৰা চহৰৰ ৮ নং ৱাৰ্ডৰ এগৰাকী মহিলাই যোৱা দেওবাৰে দেখিছিল এক সপোন ৷ সেই সপোনৰ আঁত ধৰি এভাগ গংগা পূজা কৰি এহাজাৰ পাহ কৰবী ফুল নৈত উটুৱাই দিলে দেশৰ পৰা নিৰ্মূল হ’ব মহামাৰী ক'ৰণা ভাইৰাছ ৷
কথা মতে কাম ৷ ইয়াকে লৈ সোমবাৰে গৌৰাং নৈৰ দাঁতিত দুই হাজাৰ পাহ কৰবী ফুলেৰে সমাপন কৰা হ'ল এই বিশেষ পূজা ৷ ইফালে বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত এনে বিশ্বাস কিমানদূৰ গ্ৰহণযোগ্য তাক লৈ চৰ্চা অব্যাহত আছে সচেতন মহলত ৷
লগতে পঢ়ক: Etv Bharat news impact: গোলাঘাটৰ চয়নিকালৈ মুখ্যমন্ত্ৰীৰ সাহায্য