ধুবুৰী , 10 মে' : ধুবুৰী জিলাৰ বিলাসীপাৰাত অবৈধ শিল বালি ছিণ্ডিকেট চক্ৰৰ দপদপনি | দিনে নিশাই টিপকাই নদীৰ বুকুৰ পৰা শিল বালি তুলি লাখ লাখ টকা ৰাজহ ফাঁকিৰে চলাইছে ৰমৰমীয়া ব্যৱসায় | ইয়াৰ পাচতো নিৰ্বিকাৰ বিয়াগোম চৰকাৰী বন বিভাগ | ব্যৱস্থা গ্ৰহণৰ পৰিবৰ্তে ধুবুৰী আৰু সাপটগ্ৰামস্থিত বন বিষয়াৰ গোপনে ছিণ্ডিকেট চক্ৰৰে মিতিৰালিৰ অভিযোগ ৰাইজৰ | অবৈধ ভাৱে টিপকাই নৈত নাৱেৰে শিল বালি সংগ্ৰহ কৰা ছিণ্ডিকেট চক্ৰটোৱে স্থানীয় নাগৰিকক ভয় ভীতি প্ৰদৰ্শন কৰি শিল বালিৰ কোটি কোটি টকীয়া ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ ৰাইজৰ |
বিলাসীপাৰাৰ সাপটগ্ৰাম বন কাৰ্যালয়টোৰ অধীন ভালুকমাৰী, শৌলমাৰী, সোণাময়ী, ঢেমঢেমা, পাটীমাৰীত অবৈধ শিল বালিৰ মহল চলি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে | অবৈধ মহল বোৰত চৰকাৰী নিৰ্দেশনা অবিহনে দিনে নিশাই অবৈধ শিল বালি খনন কাৰ্য চলি থকাৰ ফলত চৰকাৰে হেৰুৱাব লগীয়া হৈছে লাখ লাখ টকাৰ ৰাজহ | ধুবুৰী জিলা বন সংমণ্ডল প্ৰাধিকাৰী আৰু সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীৰ ছত্ৰছায়াত এনে কোটি কোটি টকাৰ অবৈধ ব্যৱসায় চলি অহাৰ অভিযোগ ৰাইজৰ | উল্লেখ্য যে যোৱা 2017 বৰ্ষৰ মে' মাহত ধুবুৰী জিলা বন সংমণ্ডল প্ৰাধিকাৰীয়ে আনছাদ জুহালাও ব্ৰহ্ম নামৰ ব্যক্তি এজনক বালি মহলৰ নিবিদা দিয়ে | সেই মতে মহলদাৰ জনে সাপটগ্ৰাম ঘাগমাৰী আৰু চাংবান্ধা মহলত কেৱল বালি সংগ্ৰহ কৰি বিক্ৰী কৰিবলৈ নিৰ্দেশনাত উল্লেখ কৰে | কিন্তু মহলদাৰ ব্ৰহ্মই ধুবুৰী বন প্ৰাধিকাৰী আৰু সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীৰে মিতিৰালি কৰি বালিৰ লগতে চলাই নিছে অবৈধ শিলৰ ব্যৱসায় | মহলদাৰ ব্ৰহ্মই অন্য কেইবাজনো লোকৰ সৈতে মিলি সন্ত্ৰাস সৃষ্টি কৰি মুকলি কৈ অবৈধ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে |
লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত বিলীন হোৱা দিশত দক্ষিণ শালমাৰাৰ 10 খন গাঁও
উল্লেখযোগ্য যে এনে অভিযোগৰ ভিত্তিত ধুবুৰী জিলাৰ উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে যোৱা 2018 বৰ্ষৰ অক্টোবৰ মাহত অবৈধ ভাবে নদী খনত সংগ্ৰহ কৰা প্ৰায় 800 C. M শিল আৰু বালি জব্দ কৰি ছীল কৰি দিছিল | কিন্তু পৰবৰ্তী সময়ত উপায়ুক্তই ছীল কৰা শিল বালি সমূহো মহলদাৰ জনে গুণ্ডাবাহিনীটোৰ সহযোগত গোপনে বিক্ৰী কৰাৰ অভিযোগ উঠিছে | এতিয়া প্ৰশ্ন হয় জিলা উপায়ুক্তৰ কাৰ্য্যব্যৱস্থাকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰা এই সকল বন বিষয়া কৰ্মীৰ লগতে ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে চৰকাৰী পক্ষই | ৰাজ্যত ছিণ্ডিকেট চক্ৰক মুক্ত কৰাৰ শ্লোগানেৰে শাসনৰ বাঘজৰী হাতত লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এতিয়া বিলাসীপাৰা বাসীৰ বাবে এক লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে |