ETV Bharat / state

গৌৰীপুৰত ইৰি ধানত অচিন ৰোগ - অসম নিউজ

গৌৰীপুৰ বিধানসভা সমষ্টিৰ নিবনুৱা যুৱকসকলে চৰকাৰী চাকৰিৰ আশা এৰি কৃষি-কৰ্মত জড়িত স্বাৱলম্বিতাৰ পথ মুকলি কৰাৰ সময়তে খেতিত দেখা দিয়া অচিন ৰোগৰ বাবে চিন্তিত হৈ পৰিছে কৃষকসকল ৷

গৌৰীপুৰত ইৰি ধানত অচিন ৰোগ
author img

By

Published : May 3, 2019, 5:29 PM IST

ধুবুৰী, 3 মে': ইৰি ধান খেতিত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ চিন্তিত কৃষক ৰাইজ । ধুবুৰীৰ গৌৰীপুৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা ইৰি খেতিত দেখা দিছে অচিন ৰোগে । নীৰৱ কৃষি বিভাগ ৷ ধুবুৰীৰ বিভিন্ন অঞ্চলৰ লগতে গৌৰীপুৰৰ ইৰি ধানৰ খেতিত ৰোগৰ প্ৰাদুৰ্ভাৱ । ফলত চিন্তিত হৈ পৰিছে কৃষক সকল । গৌৰীপুৰ বিধানসভা সমষ্টিৰ নিবনুৱা যুৱকসকলে চৰকাৰী চাকৰিৰ আশা এৰি কৃষি কৰ্মত জড়িত স্বাৱলম্বিতাৰ পথ মুকলি কৰাৰ সময়তে খেতিত দেখা দিয়া অচিন ৰোগৰ বাবে চিন্তিত হৈ পৰিছে কৃষকসকল ৷ ৰোগৰ লক্ষণ অনুসৰি ধানবোৰ বগা হৈ মৰি যাবলৈ লোৱাত পতান হোৱাৰ আশংকা কৰিছে কৃষক সকলে ।

গৌৰীপুৰত ইৰি ধানত অচিন ৰোগ

আনহাতে, ভুক্তভোগী কৃষকসকলে ৰোগ সন্দৰ্ভত জিলা কৃষি বিভাগক অৱগত কৰাৰ পাচত কৃষি বিভাগৰ ফালৰ পৰা খেতি সমূহ পৰ্যবেক্ষণ কৰি যায় যদিও বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে কৃষি বিভাগৰ বিৰুদ্ধে ৷

Intro: ইৰি ধানৰ খেতিত ৰোগৰ প্ৰাদুৰ্ভাৱ। ফলত চিন্তিত কৃষক। ধুবুৰীৰ গৌৰীপুৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা ইৰি খেতিত অচিন ৰোগ। নীৰৱ কৃষি বিভাগ।

Body: হয়, ধুবুৰীৰ বিভিন্ন অঞ্চলৰ লগতে গৌৰীপুৰৰ ইৰি ধানৰ খেতিত ৰোগৰ প্ৰাদুৰ্ভাৱ। ফলত চিন্তিত হৈ পৰিছে কৃষক সকল। দৰাচলতে ধুবুৰীৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ উত্তৰ গেৰামাৰী দক্ষিণ গেৰামাৰী অঞ্চলৰ বহু নিবনুৱা যুৱক চৰকাৰী চাকৰিৰ আশা এৰি কৃষি কৰ্মত জড়িত হৈ পৰিছে। এইবেলি সেই সকল নিবনুৱা যুৱকে তিনি বিঘাৰ পৰা পাঁচ বিঘা ছয় বিঘাকৈ ইৰি ধানৰ খেতি কৰি নিজে আৰ্থিক ভাৱে স্বভালম্বিতাৰ দিশে আগবাঢ়িছে। কিন্তু ইৰি ধান খেতিত অচিন ৰোগ দেখা পোৱাত চিন্তিত হৈ পৰিছে যুৱক সকল। এইদৰে ধানবোৰ বগা হৈ মৰি যাবলৈ লোৱাত পতান হোৱাৰ আশংকা কৰিছে এই সকলক কৃষক যুৱকে। কেৱল এয়াই নহয়। অঞ্চলৰ হাজাৰ হাজাৰ বিঘা ইৰি খেতিত এনে অচিন ৰোগ দেখা পোৱা গৈছে বুলি জানিব পৰা গৈছে। যদিওঁ এইক্ষেত্ৰত নীৰৱ জিলা কৃষি বিভাগ। কিছুদিন পূৰ্বে জিলা কৃষি বিভাগৰ ফালৰ পৰা খেতি সমূহ পৰ্যবেক্ষণ কৰি গৈছে যদিওঁ আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত কৰিছে কৃষক সকলে।

Conclusion: উল্লেখযোগ্য যে, এই অচিন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিভাগীয় ভাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ কৃষক সকলে ব্যপক ক্ষতিৰ সন্মুখীন হোৱাটো একপ্ৰকাৰ নিশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.