বিলাসীপাৰা, 5 মে': কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ অধীনস্থ ছুৱাপাতা ৩য় খণ্ড গাঁৱত কেলেংকাৰীৰ অভিযোগ ৷ বৃহত্তৰ অঞ্চলটোক গৌৰাং নৈৰ খহনীয়াৰ পৰা ৰক্ষণা-বেক্ষণ দিবলৈ চৰকাৰে ২০১৮-১৯ বৰ্ষৰ এম জি এনৰেগা আঁচনিত মঞ্জুৰি দিছিল ১৬ লাখ টকা ৷ সেইমতে খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰ নামত গাঁও পঞ্চায়তৰ সভাপতি হুৰমুজ আলী, সচিব চাহজাহান আলীয়ে বিভাগীয় কনিষ্ঠ অভিযন্তা ছাইফুল ইছলামৰ সহযোগত লুন্ঠন চলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷
সম্প্ৰতি নৈৰ খহনীয়াক লৈ আতংকিত হৈ পৰিছে জনবসতিপূৰ্ণ দুখনকৈ গাঁও | উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক নিৰ্দেশনা যোগে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গৰাখহনীয়া , ভগ্ন মথাউৰি নিৰ্মাণ ব্যৱস্থাৰ কথা উল্লেখ কৰিছে ৷ তেনে সময়তো এই তিনিগৰাকী পঞ্চায়ত সভাপতি, সচিব, অভিযন্তাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ অৱমাননা কৰি চৰকাৰী ধনৰ শৰাধ চলোৱাৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে ৷ এই সকল প্ৰতিনিধি তথা বিষয়াৰ কাৰ্য কলাপৰ ফলতেই গৌৰাং নৈৰ খহনীয়াত দুখনকৈ গাঁও জাহ যোৱা শংকাই দিছে বুলিও উল্লেখ কৰে একাংশ স্থানীয় ৰাইজে ৷