ETV Bharat / state

শিল-বালি ছিণ্ডিকেটক লৈ উত্তপ্ত বানিয়াপাৰা - পূৱ বিলাসীপাৰা সমষ্টি

শনিবাৰে বিলাসীপাৰাৰ বানিয়াপাৰাত মাজনিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ ভূটানৰ পৰা অত্যধিক ওজনৰ শিল কঢ়িওৱা ডাম্পাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি । বিলাসীপাৰাত দিনে-নিশাই চলিছে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ বৃহৎ ছিণ্ডিকেটৰাজ । নিৰ্বিকাৰ শালকোচা আঞ্চলিক বন বিষয়াৰ লগতে ধুবুৰী জিলা পৰিবহণ বিভাগ ৷

শিল বালি ছিণ্ডিকেটকলৈ নিশা উত্তপ্ত বানিয়াপাৰা

author img

By

Published : Mar 28, 2021, 1:46 PM IST

পশ্চিম বিলাসীপাৰা,28 মাৰ্চ: শনিবাৰে মাজনিশা বিলাসীপাৰাৰ বানিয়াপাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । আছু, আক্ৰাছু, এজেৱাইচিপি, কেএমএছএছ আৰু গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদসহ পাঁচটাকৈ সংগঠনৰ কৰ্মকৰ্তাই মাজনিশা অত্যধিক ওজনৰ শিল কঢ়িওৱা ডাম্পাৰ জব্দ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । নিৰ্বাচনৰ সুযোগ গ্ৰহণ কৰি শিল-বালি ছিণ্ডিকেট মাফিয়াই নিশাৰ অন্ধকাৰত বিলাসীপাৰাত ছিণ্ডিকেটৰাজ চলাই গৈছে বুলি অভিযোগ উত্থাপন কৰে দল-সংগঠনৰ সদস্যসকলে ।

অভিযোগ অনুসৰি, এই ডাম্পাৰৰ ছিণ্ডিকেটত নাম সাঙোৰ খাইছে পূৱ বিলাসীপাৰা সমষ্টিৰ বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংঘীৰ ৷ সিংঘীৰ ছত্ৰছায়াত ছিণ্ডিকেট চক্ৰত ব্যক্তিগত বৈদ্যুতিক মাধ্যমৰ বিলাসীপাৰাৰ এগৰাকী সাংবাদিক জড়িত থকাৰো ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সংগঠনৰ নেতা-কৰ্মীয়ে ।

শিল বালি ছিণ্ডিকেটকলৈ নিশা উত্তপ্ত বানিয়াপাৰা

উল্লেখ্য যে, বিলাসীপাৰাৰ গৌৰাং নৈত Hi-tech কোম্পানীৰ অধীনত এখন দলং নিৰ্মাণৰ কাম চলি আছে । অভিযোগ অনুসৰি, দলংখনৰ শিল, বালি আদি সামগ্ৰী যোগান ধৰাৰ নামত বিধায়কজনৰ ছত্ৰছায়াত সাংবাদিকজনে বন বিভাগ তথা প্ৰশাসনক মেনেজ কৰি নিৰ্বিঘ্নে চলাই গৈছে এই ছিণ্ডিকেট ৰাজ ।

লগতে পঢ়ক: ছয়গাঁৱত অগপত ব্যাপক খহনীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.