ETV Bharat / state

অৰেঞ্জ জ‘নৰ পৰা প্ৰত্যাহাৰ ধুবুৰী জিলা - ধুবুৰী জিলাত পুণৰ ঘূৰি

দীঘলীয়া লক ডাউনৰ মাজতে ধুবুৰীবাসীলৈ কিছু সকাহ জিলা প্ৰশাসনৰ। অৰেঞ্জ জ'নত থকা ধুবুৰী জিলাত পুণৰ ঘূৰি আহিব ধৰিছে স্বাভাৱিক অৱস্থা। লাহে খোলা হৈছে দোকান পোহাৰ ভয় শংকাৰ মাজতো আনন্দিত ব্যৱসায়ী সকল।

AS_DHB_02_15MAY_RELAXATION_MARKET_VIS+BYTE_
অৰেঞ্জ জ‘নৰ পৰা প্ৰত্যাহাৰ ধুবুৰী জিলা
author img

By

Published : May 15, 2020, 1:58 PM IST

ধুবুৰী 15মেঃ দীঘলীয়া লক ডাউনৰ মাজতে ধুবুৰীবাসীলৈ কিছু সকাহ জিলা প্ৰশাসনৰ। অৰেঞ্জ জ'নত থকা ধুবুৰী জিলাত পুণৰ ঘূৰি আহিব ধৰিছে স্বাভাৱিক অৱস্থা। লাহে লাহে খোলা হৈছে দোকান পোহাৰ ভয় শংকাৰ মাজতো আনন্দিত ব্যৱসায়ী সকল। অৰেঞ্জ জ'নত থকা ধুবুৰী জিলাত পুণৰ ঘূৰি আহিব ধৰিছে স্বাভাৱিক অৱস্থা।ক‘ৰণা ভাইছক প্ৰতিৰোধ কৰাৰ বাবে যোৱা ২৪ মাৰ্চৰ পৰাই দেশত আৰম্ভ হৈছে লক ডাউন। ইতিমধ্যে দুটা পৰ্য্যায়ৰ লক ডাউনৰ অন্তত তৃতীয় পৰ্য্যায়ৰ লক ডাউন অব্যাহত আছে। ইপিনে ধুবুৰী জিলাত মহিলা সহ পাঁচজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ দেখা দিয়াৰ পিছতেই ৰেড জ'নত পৰিছিল ধুবুৰী জিলা।

অৰেঞ্জ জ‘নৰ পৰা প্ৰত্যাহাৰ ধুবুৰী জিলা

যদিওঁ কোভিড-১৯ ত আক্ৰান্ত হোৱা পাঁচজন লোক বৰ্তমান সুস্থ হৈ আহিছে। আটাইকেইজন সুস্থ হোৱাৰ পিছতেই ৰেড জ'নৰ পৰা অৰেঞ্জ জ'নলৈ আহে ধুবুৰী জিলা। আনহাতে যোৱা ২৩ এপ্ৰিলৰ পিছৰ পৰা বিগত তিনিটা সপ্তাহত জিলা খনত কোনো এজন লোক কোভিড-১৯ ত আক্ৰান্ত নোহোৱাৰ বাবেই ভাল খবৰ আহিল ধুবুৰীৰ বাবে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলা খন অৰেঞ্জ জ'নৰ পৰা প্ৰত্যাহাৰ কৰে। সেই বাবে যোৱা ১৪ মেৰ দিনা জিলা উপায়ুক্তই এক জৰুৰী নিৰ্দেশনা জাৰি কৰি জিলা খনত আজিৰে পৰা সপ্তাহত ছয় দিন নিৰ্দিষ্ট দোকান পাট সমূহ খুলিবলৈ নিৰ্দেশ দিয়ে।

সেই মতে সপ্তাহত এদিনৰ মূৰে মূৰে এখন দোকান তিনিদিনকৈ খোলা থাকিব। কোনখন দোকান কোনদিনা খোলা থাকিব সেয়াও নিৰ্দেশনাত উল্লেখ কৰা হৈছে। যদিওঁ শ্বপিং ম'ল, চেলুন, বিউটি পাৰ্লাৰ, জিম, ৰেষ্ট্ৰোৰেন্ট, হোটেল আৰু ল'জ আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলিও উল্লেখ কৰা হৈছে নিৰ্দেশনাত। ইয়াৰ বিপৰীতে মিঠাইৰ দোকান প্ৰতিদিনে খোলা থকাৰ বিপৰীতে বাকী দোকান সমূহ সপ্তাহত তিনিদিন খোলা থাকিব। নিৰ্ধাৰিত দিনত আবেলি চাৰিটালৈকে খোলা থাকিব দোকান সমূহ।
ইপিনে দীৰ্ঘ দিনৰ মূৰত দোকান খুলিবলৈ পাই আনন্দিত হৈ পৰিছে ব্যৱসায়ী সকলে। যদিওঁ সামাজিক দূৰত্ব আৰু সতৰ্কতা অৱলম্বন কৰিব বুলি উল্লেখ কৰে ব্যৱসায়ী সকল।

ইপিনে ৰাইজক কিছু সকাহ দিয়াৰ বাবে দোকান পোহাৰ সমূহ খোলা ৰখাৰ বাবে জিলা উপায়ুক্তই নিৰ্দেশনা জাৰি কৰিছে যদিওঁ ইয়াৰ সুযোগ লৈ যাতে ৰাইজে লক ডাউনৰ নীতি নিয়ম ভংগ নকৰে তাৰ দৃষ্টি ৰখা আৰক্ষীয়ে সকলো ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাই ৷

লগতে পঢ়কঃ বটদ্ৰৱাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.