ETV Bharat / state

কোভিড 19 প্ৰট’কল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী - Corona Virus

বিলাসীপাৰা আৰক্ষীয়ে সোমবাৰে অভিযান চলাই মাস্ক পৰিধান নকৰা লোকসকলৰ পৰা সংগ্ৰহ কৰে জৰিমনা ৷ প্ৰায় 1000 টকাকৈ আৰক্ষীক জৰিমনা আদায় দিবলৈ বাধ্য হয় প্ৰতিগৰাকী মাস্ক পৰিধান নকৰা ব্যক্তিয়ে ৷ সোমবাৰৰ দিনটোত প্ৰায় 30,000 টকা এনেদৰে জৰিমনা হিচাপে সংগ্ৰহ কৰে আৰক্ষীয়ে ৷

operation of bilasipara police against violation of covid 19 protocal dhubri assam etv bharat news
কঠোৰ বিলাসীপাৰা আৰক্ষী
author img

By

Published : Sep 15, 2020, 1:52 PM IST

পশ্চিম বিলাসীপাৰা,15 ছেপ্তেম্বৰ: কোভিড 19 প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী আৰক্ষী ৷ বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে ৰাজ্যত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ তৎসত্বেও যেন মহামাৰীৰ প্ৰতি কোনো ভয় বা আতংক নাই একাংশ লোকৰ মাজত ৷ সেয়ে এই সংক্ৰমণ ৰোধৰ স্বাৰ্থত ক্ৰমাম্বয়ে কঠোৰ হৈছে ধুবুৰী জিলা আৰক্ষী ৷ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে বিলাসীপাৰা আৰক্ষীয়ে এইক্ষেত্ৰত কঠোৰ ভূমিকা গ্ৰহণ কৰি নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷

কঠোৰ বিলাসীপাৰা আৰক্ষী

আৰক্ষীয়ে সোমবাৰে ৰাজপথত এক অভিযান চলাই মাস্ক পৰিধান নকৰা লোকসকলৰ পৰা সংগ্ৰহ কৰে জৰিমনা ৷ প্ৰায় 1000 টকাকৈ আৰক্ষীক জৰিমনা আদায় দিবলৈ বাধ্য হয় প্ৰতিগৰাকী মাস্ক পৰিধান নকৰা ব্যক্তিয়ে ৷ সোমবাৰৰ দিনটোত বিলাসীপাৰা আৰক্ষীয়ে চহৰখনত প্ৰায় 30,000 টকা এনেদৰে জৰিমনা হিচাপে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

লগতে চাওকঃ বিজেপিক বাদ দি কোনেও পৰিষদ গঠন কৰিব নোৱাৰে: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.