ETV Bharat / state

ধুবুৰীত আৰক্ষীৰ গুলীচালনাত মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি

ধুবুৰীৰ ভাৰত বাংলা সীমান্তত অসম আৰক্ষীৰ নিৰ্বিচাৰে গুলিচালনা। আৰক্ষীৰ গুলীত প্ৰাণ গ'ল দুজনৰ আৰু আন দুজনৰ অৱস্থা সংকটজনক। ঘটনাক কেন্দ্ৰ কৰি সীমান্ত অঞ্চলৰ মহামায়াৰ চৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ৷

dhubri
ধুবুৰী
author img

By

Published : Jan 4, 2020, 10:11 AM IST

Updated : Jan 4, 2020, 1:02 PM IST

ধুবুৰী, 4 জানুৱাৰীঃ শুকুৰবাৰে নিশা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ মহামায়াৰ চৰত আৰক্ষীৰ গুলীত আহত হোৱা দুলাল হুছেইন নামৰ লোকজনৰ মৃত্যু হয়৷ নিশা অসম আৰক্ষীয়ে উক্ত অঞ্চলটোত নিৰ্বিচাৰে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ তথ্য অনুসৰি আৰক্ষীৰ শুকুৰবাৰে আৰক্ষীৰ গুলীচালনাত নুৰজামাল নামৰ এজনলোক নিহত হোৱাৰ বিপৰীতে আন তিনিজনলোক গুৰুতৰ ভাৱে আহত হৈছিল ।

ধুবুৰী
আৰক্ষীৰ গুলিত আহত লোক

আহত লোক কেইজন ক্ৰমে দুলাল হুছেইন, পাসান আলী আৰু সাহা আলম৷ তিনিওকে সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তিনিওকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল ৷ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ থাকোতেই আধাবাটতেই দুলাল হুছেইনৰ মৃত্যু হয় ৷ এই ঘটনাৰ পাচতে শনিবাৰে পুৱা অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ আৰক্ষীয়ে নিহত নুৰজামালৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে৷

ধুবুৰীত আৰক্ষীৰ গুলীচালনাত মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি

উল্লেখ্য যে, ৰাইজৰ অভিযোগ অনুসৰি শুকুৰবাৰে মাজনিশা দক্ষিণ শালমাৰা আৰক্ষী থানাৰ আৰক্ষীৰ দল এটাই কেইজনমান মুখা পিন্ধা লোকক লগত লৈ মহামায়াৰ চৰৰ কেইবাটাও পৰিয়ালৰ গোহালিৰ পৰা গৰু চুৰ কৰাৰ চেষ্টা চলায় । ৰাইজে উমান পাই চাৰিওফালৰ পৰা আৰক্ষীৰ দলটোক আৱৰি ধৰে । আৰু তেনে সময়তে আৰক্ষীয়ে গুলীচালনা আৰম্ভ কৰে ৷ ফলত আৰক্ষীৰ গুলীত থিতাতে নিহত হয় নুৰজামাল নামৰ এজন যুৱক৷ আনহাতে দুলাল হুছেইন, পাসান আলী আৰু আলম নামৰ তিনিজনলোক গুলীবিদ্ধ হয় ৷ ইপিনে ৰাইজে তিনিওকে অতি সংকটজনক অৱস্থাত নাৱেৰে ব্ৰহ্মপুত্ৰ নদীৰ পথেৰে গৈ বাঁহৰ সাঙিত বান্ধি ধুবুৰীত উপস্থিত হয় যদিও 108 মৃত্যুঞ্জয় সেৱাৰ পৰা বঞ্চিত হ'ব লগীয়া হয় আহত লোক কেইজন ৷ বহু সময় যোগাযোগ কৰাৰ পিচতো 108এম্বুলেঞ্চ সেৱাই কোনো সঁহাৰি নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ পৰৱৰ্তী সময়ত এখন ব্যক্তিগত বাহনেৰে আহত কেইজনক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

ধুবুৰী
আৰক্ষীৰ গুলিত আহত লোক

আনহাতে ৰাইজৰ অভিযোগ অনুসৰি দীর্ঘ দিনৰ পৰাই দক্ষিণ শালমাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত ৰাইজৰ গোহালিৰ পৰা গৰু চুৰি কৰি নি বিক্ৰী কৰি আহিছে । দক্ষিণ শালমাৰা আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা এনে গুৰুতৰ অভিযোগৰ পিচত আৰক্ষীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব ৷ যদিও এই ঘটনাক কেন্দ্ৰ কৰি সীমান্তৰ মহামায়াৰ চৰত আৰক্ষী, চি.আৰ.পি.এফ আৰু বি.এছ.এফৰ জোৱান মোতায়ন কৰি পৰিস্থিতি শান্ত কৰাৰ প্ৰয়াস চলাইছে ৷ উল্লেখ্য যে, হঠাৎ সীমান্ত অঞ্চলত আৰক্ষীয়ে কিয় গুলীচালনা কৰিবলগীয়া হ'ল নাইবা প্ৰকৃততে নিশা সীমান্তত কি হৈছিল সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিচতহে পোহৰলৈ আহিব ৷

ধুবুৰীত অসম আৰক্ষীৰ নিৰ্বিচাৰে গুলিচালনা

লগতে পঢ়ক - তৰুণ গগৈ বিজেপিত আহিব বুলি মই শুনি আছোঃহিমন্ত বিশ্ব শৰ্মা

Intro: ধুবুৰীৰ ভাৰত বাংলা সীমান্তত গুলিচালনা। অসম আৰক্ষীৰ নিৰ্বিচাৰে গুলিচালনা। আৰক্ষীৰ গুলিত প্ৰাণ গল এজনৰ। আন তিনিজনৰ অৱস্থা সংকটজনক। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত সীমান্ত অঞ্চলৰ মহামায়াৰ চৰ।

Body: ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ মহামায়াৰ চৰত তীব্র উত্তেজনা। নিশা আৰক্ষীৰ নিৰ্বিচাৰে গুলিচালনা। আৰক্ষীৰ গুলিত এজন নিহত হোৱাৰ বিপৰীতে আন তিনিজন গুৰুতৰ ভাবে আহত। সম্প্ৰতি আহত কেইজনক চিকিৎসালয় লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে যদিওঁ অৱস্থা সংকটজনক। অভিযোগ অনুসৰি শুকুৰবাৰে মাজনিশা দক্ষিণ শালমাৰা আৰক্ষী থানাৰ আৰক্ষীৰ দল এটাই কেইজনমান মুখ বন্ধা সন্দেহজনক লোকক লগত লৈ মহামায়াৰ চৰৰ কেইবাটাও পৰিয়ালৰ গোহালিৰ পৰা গৰু চুৰি কৰাৰ চেষ্টা চলায়। এনেতে ৰাইজে উমান পাই চাৰিওফালৰ পৰা চোৰ চোৰ বুলি ওলাই আহে স্থানীয় ৰাইজ। এনেতে আৰক্ষীয়ে গুলিচালনা আৰম্ভ কৰে। ফলত আৰক্ষীৰ গুলিত থিতাতে নিহত হয় নুৰজামাল নামৰ এজন যুৱক। আনহাতে দুলাল হুছেইন, পাশান আলী আৰু আলম নামৰ তিনিজন গুলিবিদ্ধ হয়।

Byte:- স্থানীয় ৰাইজ।

অতি সংকটজনক অৱস্থাত আহত তিনিওঁকে নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পথেৰে গৈ বাঁহৰ সাংগি বান্ধি ধুবুৰীত উপস্থিত হয় যদিওঁ ১০৮ মৃত্যুঞ্জয় সেৱাৰ পৰা বঞ্চিত হব লগীয়া হয়। বহু সময় যোগাযোগ কৰাৰ পিছতো কোনো সঁহাৰি নিদিলে ১০৮ এম্বুলেঞ্চ সেৱাই। পিছত এখন ব্যক্তিগত বাহনেৰে আহত কেইজনক ধুবুৰী অসামৰিক চিকিৎসালয় লৈ নিয়া হয়।

অভিযোগ অনুসৰি দীর্ঘ দিনৰ পৰাই চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত ৰাইজৰ গোহালিৰ পৰা গৰু চুৰি কৰি নি বিক্ৰী কৰি আহিছে দক্ষিণ শালমাৰা আৰক্ষী থানাৰ আৰক্ষীয়ে।

Byte:- স্থানীয় ৰাইজ।

দক্ষিণ শালমাৰা আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা এনে গুৰুতৰ অভিযোগৰ পিছত আৰক্ষীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব। যদিওঁ এই ঘটনাক কেন্দ্ৰ কৰি সীমান্তৰ মহামায়াৰ চৰত আৰক্ষীয়ে আৰক্ষী, চি আৰ পি এফ আৰু বি এছ এফ জোৱান মতায়ন কৰি উত্তপ্ত পৰিস্থিতি শান্ত কৰাৰ প্ৰয়াস চলাইছে।

Conclusion: উল্লেখযোগ্য যে, সীমান্তৰে জাকে জাকে চোৰাং গৰু বাংলাদেশলৈ চালান দি অহাৰ সময়তে হঠাৎ সীমান্ত অঞ্চলত আৰক্ষীয়ে কিয় গুলিচালনা কৰিবলগীয়া হল সেয়া নাইবা প্ৰকৃততে নিশা সীমান্তত কি হৈছিল সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছতহে পোহৰলৈ আহিব। যদিওঁ এই ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে সীমান্ত অঞ্চলত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

# ( পিছত ফ্লৱাফ যাব পাৰে ) #
Last Updated : Jan 4, 2020, 1:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.