ধুবুৰী,১৬জুলাই : বুধবাৰে নিশা ধুবুৰীৰ গৌৰীপুৰৰ ভাড়া ঘৰৰ পৰা সাংবাদিক ৰাজীৱ শৰ্মাক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে । এটা ব্যক্তিগত মালিকানাধীন বৈদ্যুতিন সংবাদ মাধ্যমৰ হৈ ধুবুৰীৰ পৰা সাংবাদিকতা কৰি অহা সাংবাদিক ৰাজিৱ শৰ্মাৰ বিৰুদ্ধে ধুবুৰী বন বিষয়াই দাখিল কৰিছিল এখন এজাহাৰ । এই এজাহাৰৰ ভিত্তিতে নিশা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শৰ্মাক । ইপিনে ইয়াক এক ষড়যন্ত্ৰ বুলি অভিযোগ তুলিলে আটকাধীন সাংবাদিক ৰাজীৱ শৰ্মাই ।
মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে সাংবাদিক গৰাকীৰ ক'ভিড-১৯ৰ ভাইৰাছৰ অৱস্থিতি পৰীক্ষাৰ বাবে স্বাৱ সংগ্ৰহৰ পৰিবৰ্তে মাথো এটা মেডিকেল টেষ্ট সম্পন্ন কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰে । সাংবাদিক গৰাকীক আটক কৰাৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলখনৰ সাংবাদিক মহলত ।
![one tv journalist arrest at gauripur dhuburi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-01-16july-reporter-arrested-visbyte-7203850_16072020114315_1607f_1594879995_601.jpg)