ধুবুৰী,১৩ মাৰ্চ:ধুবুৰীৰ মাঝেৰচৰ গাওঁত মঙলবাৰে নিশা ৰাজপুত ৰেজিমেণ্টে চলোৱা এক অভিযানতবোমা-পিষ্টল সহ আটক হয় এগৰাকী লোক । ৰাজপুত ৰেজিমেণ্টৰ এটা দলে ধুবুৰীৰ দুৰ্গম চৰাঞ্চল মাঝেৰচৰত অভিযান চলাই গাঁও খনৰ সাহিদ আলী শেখ নামৰ লোকজনৰ ঘৰত । উক্ত ব্যক্তিগৰাকীৰ ঘৰৰ পৰাই দুটাকৈ হস্ত নিৰ্মিত বোমা, এটা হস্ত নিৰ্মিত ৭.৬৫ এম এম পিষ্টল, চাৰি জাই সজীৱ গুলী, পাঁচটা মোবাইল আৰু নগদ ষাঠি হাজাৰ টকা উদ্ধাৰ কৰে সেনাই । সেনাৰ অভিযানকাৰী দলটোৱে সাহিদ আলী শেখকধুবুৰী আৰক্ষীকগতাই দিয়ে ৷
ঘটনা সংক্ৰান্ততধুবুৰী আৰক্ষী চকীত সেনাই ৪২৩/১৯ নম্বৰত এক এজাহাৰ দাখিল কৰে । সেনাৰ এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাহিদ আলী শেখ নামৰ লোকজনক। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
ইপিনে সাধাৰণ কৃষি কৰ্ম কৰি নিজৰ পৰিয়াল পোহপাল দি কোনোমতে জীৱন যাপন চলাই অহা লোকজন সেনাৰ অভিযানত গ্ৰেপ্তাৰ হব লগীয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছ অঞ্চলটোত ।