বিলাসীপাৰা, 4 ডিচেম্বৰঃ বিলাসীপাৰাত আছুৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ অভিযোগত আৰক্ষীয়ে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটক কৰা লোকজনৰ নাম নিশান আলী শ্বেখ ৷ যুৱকজনক বুধবাৰে বিলাসীপাৰা চহৰৰ পৰা আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন যুৱকজনৰ ঘৰ বিলাসীপাৰাৰ হাতীপোতা ২য় খণ্ডত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, সুৰাৰ ৰাগিত মাতাল হৈ যুৱকজনে এনে কাণ্ড সংঘটিত কৰে ৷ তদুপৰি যুৱকজন মানসিকভাৱে অসুস্থ বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ স্মৰ্তব্য যে, আটকাধীন যুৱকজন কোনো দল-সংগঠনৰ সৈতে জড়িত নহয় ৷ ইতিমধ্যে আটকাধীন নিশান আলী শ্বেখ নামৰ যুৱকজনক আৰক্ষীয়ে মহকুমা ন্যায়িক দণ্ডাধীশ আদালতলৈ প্ৰেৰণ কৰিছে ৷ ঘটনা সন্দৰ্ভত সকলোকে শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় ধুবুৰী জিলা আৰক্ষীয়ে ৷
লগতে চাওকঃ5 ডিচেম্বৰত কেবৰ বিৰোধিতাৰে লাষ্টগেট কপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে