ETV Bharat / state

ধুবুৰীত মানৱ শৃংখল প্ৰদৰ্শনেৰে প্ৰতিবাদ - NSUI

দীঘলীয়া লক্ ডাউনৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে সঠিকভাৱে পাঠদান গ্ৰহণ কৰিব পৰা নাই । কিন্তু তেনে সময়তে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সেউজ সংকেত অনুসৰি অনলাইন JEE আৰু NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে কৰ্তৃপক্ষই । সেয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি এইবেলি অনলাইন JEE আৰু NEET পৰীক্ষা বাতিল কৰিবলৈ দাবী উত্থাপন কৰে ধুবুৰীৰ জিলা যুৱ কংগ্ৰেছ আৰু এনএছইউআইৰ নেতা-কৰ্মীসকলে ৷

NSUI Protest in Dhubri assam etv bharat news
মানৱ শৃংখল প্ৰদৰ্শন
author img

By

Published : Aug 27, 2020, 8:54 PM IST

ধুবুৰী,27 আগষ্ট: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ উদ্যোগত বৃহস্পতিবাৰে ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী । জিলাখনৰ ৰাজীৱ ভৱনৰ সন্মুখত জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী মাহমুদুল হাচান আৰু জিলা এন এছ ইউ আইৰ সভাপতি ৰফিকুল ইছলাম চৌধুৰীৰ নেতৃত্বত যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ কৰ্মীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

মানৱ শৃংখল প্ৰদৰ্শন

উল্লেখ্য যে, দীঘলীয়া লক্ ডাউনৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে সঠিকভাৱে পাঠদান গ্ৰহণ কৰিব পৰা নাই । কিন্তু তেনে সময়তে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সেউজ সংকেত অনুসৰি অনলাইন JEE আৰু NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে কৰ্তৃপক্ষই । সেয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি অনলাইন JEE আৰু NEET পৰীক্ষা বাতিল কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীসকলে মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

যুৱ কংগ্ৰেছ আৰু এনএছইউআই-ৰ দাবী আৰু প্ৰতিবাদৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে পৰৱৰ্তী সময়ত ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে চাওকঃ 60 দশকৰ অসমৰ মিউজিক বেণ্ড "দ্যা কুইভাৰ্ছ"ৰ কথাৰে..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.