ETV Bharat / state

শূন্য উত্তীৰ্ণৰে চৰ্চাত ধুবুৰীৰ এখন বিদ্যালয়

শনিবাৰৰ দিনটোত বিদ্যালয় খনত দেখা গ'ল নিমাওমাও পৰিৱেশ ৷ কাহ পৰি জিন যোৱা নিস্তব্ধতা ৷ নাই শিক্ষাৰ্থী, নাই শিক্ষক ৷ বিদ্যালয়ত বোন্দাপৰ দি আছে কেৱল এজন চতুৰ্থ বগৰ কৰ্মচাৰীয়ে ৷

no student from bahalpur girls high school passed in hslc 2020
শূন্য উত্তীৰ্ণৰে চৰ্চাত ধুবুৰীৰ এখন বিদ্যালয়
author img

By

Published : Jun 7, 2020, 12:38 PM IST

পূৱ বিলাসীপাৰা, 7 জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ কৰাৰ পাছতেই চৰ্চালৈ আহিছে এখন বিশেষ বিদ্যালয় ৷ যিসময়ত বিগত 7 বছৰৰ তুলনাত ৰাজ্যত উৰ্তীনৰ হাৰ সৰ্বাধিক হৈছে , যি সময়ত মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ে পূৰ্ৱৰ তুলনাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, সেই সময়তেই বেয়া ফলাফল দেখুৱাই চৰ্চালৈ আহিছে এখন চৰকাৰী বিদ্যালয় ৷

শূন্য উৰ্ত্তীনৰে চৰ্চালৈ অহা বিদ্যালয়খন হৈছে ধুবুৰী জিলাৰ চাপৰৰ বহলপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় ৷ শনিবাৰৰ দিনটোত বিদ্যালয় খনত দেখা গ'ল নিমাওমাও পৰিৱেশ ৷ কাহ পৰিজিন যোৱা নিস্তব্ধতা ৷ নাই শিক্ষাৰ্থী, নাই শিক্ষক ৷ বিদ্যালয়ত বোন্দাপৰ দি আছে কেৱল এজন চতুৰ্থ বগৰ কৰ্মচাৰীয়ে ৷ কাৰন হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 38 গৰাকী ছাত্ৰী অৱৰ্তীন হোৱা এই বিদ্যালয়খনৰ পৰা উৰ্ত্তীন নহ'ল এগৰাকীয়ো ছাত্ৰী ৷

বিদ্যালয়খনৰ ছাত্ৰী সকলৰ এনে শোচনীয় ফলাফল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ প্ৰধান শিক্ষক গৰাকীয়ে উল্লেখ কৰিছে বিষয় শিক্ষকৰ অভাৱৰ প্ৰসংগ ৷ মাত্ৰ 3 গৰাকী শিক্ষকৰ দ্বাৰা চলি থকা এই বহলপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত নাই অংক, বিজ্ঞানকে ধৰি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ শিক্ষক ৷

শূন্য উত্তীৰ্ণৰে চৰ্চাত ধুবুৰীৰ এখন বিদ্যালয়

ইপিনে কেৱল এই বিদ্যালয়তে নহয়, সমগ্ৰ ধুবুৰী জিলাতেই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অতি পুতৌলগা ৷ ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন উৰ্ত্তীনৰ হাৰ ধুবুৰী জিলাত ৷ জিলাখনৰ শৈক্ষিক পৰিৱেশৰ এনে অৱনতি দেখি উদিগ্নতা প্ৰকাশ কৰিছে জিলা সদৌ অসম ছাত্ৰ সন্থাই ৷ শিক্ষাবিভাগক বিষটোত গুৰুত্ব প্ৰদান কৰি জিলাখনলৈ সুস্থ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ জিলা বিষয়ববীয়াই ৷

জিলা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.