ধুবুৰী,25অক্টোবৰঃ ধুবুৰীৰ এটা বৃহত্তৰ অঞ্চল বিগত সাত মাহৰ পৰা বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হোৱা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিবেৰ আলগা গাঁৱত সাত মাহ ধৰি বিকল এটা ট্টেন্সফৰ্মাৰ। উল্লেখ্যযোগ্য যে, ধুবুৰীৰ গৌৰীপুৰ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত পদ্মেৰ আলগা পঞ্চায়তৰ শিবেৰ আলগা গাঁৱৰ এটা বিদ্যুতৰ ট্টেন্সফৰ্মাৰ আজি প্ৰায় সাতমাহ ধৰি বিকল হৈ আছে ।
ইপিনে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো বাৰম্বাৰ জনোৱাৰ পাছতো এইক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। বিদুৎ বিভাগে নতুন ট্টেন্সফৰ্মাৰৰ ব্যৱস্থা কৰা দূৰৈৰ কথা, ট্ৰেন্সফৰ্মাৰ মেৰামতিৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উঠিছে।
বিভাগীয় কৰ্তৃপক্ষই ট্ৰেন্সফৰ্মাটো ভাল নকৰাকৈ বা বিদ্যুৎ যোগানৰ ব্যৱস্থা নকৰাকৈ বিদ্যুতৰ বিল প্ৰেৰণ কৰিছে গ্ৰাহকলৈ। বিগত সাত মাহে বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ সময়তে বিভাগে গ্ৰাহকলৈ বিদ্যুতৰ বিল প্ৰেৰণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত। ফলত বিগত সাত মাহে গাঁওখন অন্ধকাৰত থকাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে শিৱেৰ আলগা গাঁওবাসী।
আনহাতে শীঘ্ৰেই এই ট্ৰেন্সফৰ্মাটোৰ ঠাইত নতুন এটা ট্ৰেন্সফৰ্মাৰ ব্যৱস্থা কৰি গাওঁখনলৈ বিদ্যুৎ যোগান দিয়াৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে।
লগতে পঢ়কঃ বাঘেশ্বৰী মন্দিৰত নৱমী পূজা সম্পন্ন