ETV Bharat / state

চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ৰ হত্যাকাণ্ডৰ নতুন ৰহস্য

author img

By

Published : Apr 29, 2019, 11:16 PM IST

৫০ হাজাৰ টকা চুপাৰীলৈ হত্যা কৰা হৈছিল বিলাসীপাৰাৰ বহলপুৰৰ চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ক । আটক চুপাৰী কিলাৰ বিপুল বসুমতাৰী ।

বিলাসীপাৰা,২৯ এপ্ৰিলঃ পূৱ বিলাসীপাৰাৰ বহলপুৰত হোমিঅ’ চিকিৎসকক তথা বিজেপি নেতাক গুলীয়াই হত্যা কৰা ঘটনাৰ নতুন ৰহস্য উদঘাটন । ৫০ হাজাৰ টকা চুপাৰী লৈ হত্যা কৰা হৈছিল চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ক । আটক হ’ল দ্বিতীয়জন হত্যাকাৰী বিপুল বসুমতাৰী । পূৰ্বতে আটক কৰা হৈছিল পিতা-পুত্ৰ বিশ্বজিৎ পাটগিৰি আৰু আৰ্নল পাটগিৰিক । নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ঘৰৰ পদুলিমুখতে এগৰাকী চিকিৎসক তথা বিজেপি নেতাক পিস্তলেৰে গুলীয়াই হত্যা কৰিছিল । যোৱা ১৬ এপ্ৰিলৰ নিশা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল পূৱ বিলাসীপাৰাৰ বহলপুৰ নাথপাৰা গাঁৱত। এই লোমহৰ্ষক হত্যাকাণ্ডৰ উত্তেজনা মাৰ নৌযাওঁতেই চাপৰ আৰক্ষীয়ে পোহৰলৈ আনিছে আন এক ভয়ংকৰ তথ্য ।

চুপাৰী কিলাৰ বিপুল বসুমতাৰীৰ সহযোগত হত্যা কৰা হৈছিল হোমিঅ' চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ক ।হত্যাকাণ্ডৰ লগত জড়িত স্থানীয় বিশ্বজিৎ পাটগিৰি আৰু আৰ্নল পাটগিৰি নামৰ পিতা-পুত্ৰক চাপৰ আৰক্ষীয়ে আটক কৰাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য । এই হত্যাকাণ্ডৰ লগত জড়িত আছিল চালাকাটি দলগাঁৱৰ বিপুল বসুমতাৰী । ৫০ হাজাৰ টকা চুপাৰী দিয়াৰ প্ৰলোভনৰে অনা হৈছিল বিপুলক বসুমতাৰীক । হত্যাকাণ্ডৰ প্ৰায় তিনিমাহ পূৰ্বে আৰ্নল পাটগিৰিয়ে এটা ভাড়াঘৰ লৈছিল চাপৰ নগৰত । সোমবাৰে এক সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে এই ভাড়াঘৰটোৰ পৰা হত্যাকাণ্ডত জড়িত পিস্তল, দুটা মেগজিন, চাৰি জাই সজীৱ গুলীসহ এখন খুকুৰী জব্দ কৰে ।

চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ৰ হত্যাকাণ্ডৰ নতুন ৰহস্য উদঘাটন

Intro:পূৱ বিলাসীপাৰাৰ বহলপুৰত হোমিঅ চিকিৎসকক তথা বি জে পি নেতাক গুলীয়াই হত্যা কৰা ঘটনাৰ নতুন মোৰ।

৫০ হাজাৰ টকা চুপাৰী লৈ হত্যা কৰা হৈছিল চিকিৎসক তথা বি জে পি নেতা ৰবেন ৰায়ক ।

আটক দ্বিতীয়জন হত্যাকাৰী বিপুল বসুমুতাৰী।

পূৰ্বতে আটক কৰা হৈছিল পিতা-পুত্ৰ- বিশ্বজিত পাটগিৰি আৰু আৰ্নল পাটগিৰিকBody:বিলাসীপাৰা পূৱ :

গাৰ নোম শিয়ৰি উঠা এটা চাঞ্চল্যকৰ হত্যাকাণ্ড। নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ঘৰৰ পদুলিমুখতে এগৰাকী চিকিৎসক তথা বি জে পি নেতাক পিস্তলেৰে গুলীয়াই হত্যা কৰা হয় । যোৱা ১৬ এপ্ৰিলৰ নিশা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল পূৱ বিলাসীপাৰাৰ বহলপুৰ নাথপাৰা গাওত।

এই লোমহৰ্ষক হত্যা কাণ্ডৰ উত্তেজনা মাৰ নৌযাওতেই চাপৰ আৰক্ষীয়ে পোহৰলৈ আনিছে আন এক ভয়ংকৰ তথ্য।

চুপাৰী কিলাৰ বিপুল বসুমুতাৰীৰ সহযোগত হত্যা কৰা হৈছিল হোমিঅ চিকিৎসক তথা বি জে পি নেতা ৰবেন ৰায়ক।

হত্যাকাণ্ডৰ লগত জড়িত স্থানীয় বিশ্বজিত পাটগিৰি আৰু আৰ্নল পাটগিৰি নামৰ পিতা-পুত্ৰক চাপৰ আৰক্ষীয়ে আটক কৰাৰ পিছত পোহৰলৈ আহিছে আন এক তথ্য ।

এই হত্যাকাণ্ডৰ লগত জড়িত আছিল চালাকাটি দলগাওৰ বিপুল বসুমুতাৰী ।

৫০ হাজাৰ টকা চুপাৰী দিয়াৰ প্ৰলোভন ৰে অনা হৈছিল বিপুলক ।

হত্যা কাণ্ডৰ প্ৰায় তিনি মাহ পূৰ্বে আৰ্নল পাটগিৰিয়ে লৈছিল চাপৰ নগৰত এটা ভাড়াঘৰ ।

সোমবাৰে এক সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে এই ভাড়াঘৰটোৰ পৰা হত্যাকাণ্ডত জড়িত পিস্তল,দুটা মেগজিন, চাৰি জাই সজীৱ গুলীসহ এখন খুকুৰী জব্দ কৰে ।

Conclusion:BYTE: 1. OC CHAPAR
2. BIPUL BASUMATARY

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.