ETV Bharat / state

ধুবুৰীত ভূমি বিবাদত নিহত 2

author img

By

Published : Dec 27, 2020, 2:29 PM IST

দেওবাৰে এডোখৰ ভূমিক লৈ ধুবুৰীৰ গৌৰীপুৰ গেৰামাৰী অঞ্চলত দুই পক্ষৰ মাজত লোমহৰ্ষক ঘটনা সংঘটিত হয় ৷ এই ঘটনাত 2 গৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাগৰাকীও ৷ ঘটনা সন্দৰ্ভত আটক 4 জনকৈ লোকক ৷

MURDER AT DHUBRI
ধুবুৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি লোমহৰ্ষক ঘটনাঃনিহত 2

ধুবুৰী,27ডিচেম্বৰ : দেওবাৰে পুৱা ধুবুৰীৰ গৌৰীপুৰ গেৰামাৰী অঞ্চলত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা ৷ এডোখৰ ভূমিক লৈ দুই পক্ষৰ মাজত এই ভয়ংকৰ সংঘাতৰ সৃষ্টি হয় ৷ জানিব পৰা মতে, গেৰামাৰী প্ৰথম খণ্ড গাঁৱৰ মণ্টু আলী আৰু আদম আলীৰ নামৰ দুজন লোকৰ মাজত দীৰ্ঘদিন ধৰি এডোখৰ ভূমিক কেন্দ্ৰ কৰি সংঘাত চলি আহিছিল ৷ কিন্তু দেওবাৰে হঠাৎ মণ্টু আলী নামৰ লোকজনে বহুকেইজন যুৱকক লগত লৈ পৰিকল্পিতভাৱে অতৰ্কিতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আদম আলীৰ পৰিয়ালক ৷

এই আক্ৰমণত নিহত হয় আদম আলীৰ পুত্ৰ মন্তাজ আলী (৩৮) আৰু পুত্ৰ বোৱাৰী জেচমিনা খাতুন (২১)। তদুপৰি আদম আলী,মোহৰ ভান বিবি, নিয়াছা শেখ আৰু ছানোৱাৰ আলী সহ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোককেইজনক ইতিমধ্যে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

আনহাতে,এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে গৌৰীপুৰ আৰক্ষীৰ এটা দল ৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ক্ষীপ্ৰ গতিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি লোমহৰ্ষক ঘটনাৰ লগত জড়িত চাৰিজনকৈ হত্য়াকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ তদুপৰি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অতি শীঘ্ৰে আটাইকেইজন হত্য়াকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷ ইপিনে বৰ্তমানেও ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক চেপা উত্তেজনা অব্য়াহত আছে ৷

লগতে পঢ়কঃ সৰিয়হৰ হালধীয়াৰে উপচিছে সোৱণশিৰি-ৰঙানদীৰ দুয়োপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.