ধুবুৰী, 30 জুলাই: মুছলমান সম্প্ৰদায়ৰ লোকসকলে বিশ্বজুৰি পালন কৰিছে মহৰম ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে ধুবুৰীতো উলহ মালহেৰে এই উৎসৱ উদযাপন কৰা হয় ৷ ইছলাম ধৰ্মৰ ছিয়া সম্প্ৰদায়ৰ মুছলমান লোকসকলে অইন বছৰৰ দৰে এইবছৰো ধৰ্মীয় নীতি-নিয়ম আৰু পৰম্পৰা অনুযায়ী ব্যাপক আয়োজনেৰে উদযাপন কৰিলে পৱিত্ৰ মহৰম । আৰৱী মাহৰ 10 তাৰিখ অৰ্থাৎ দেওবাৰে পালন কৰা হয় পৱিত্ৰ মহৰম ।
প্ৰতি বছৰে মহৰমৰ দহ তাৰিখৰ দিনা ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে মহৰম । প্ৰতি বছৰৰ দৰে এইবেলিও ধুবুৰীত উলাহ মালহেৰে পালন কৰা হয় পৱিত্ৰ মহৰম উৎসৱটি । প্ৰতি বছৰৰ দৰে মহৰম উপলক্ষে এইবাৰো দেওবাৰে ধুবুৰীত উলিওৱা হ’ল বিশাল শোভাযাত্ৰা ।
ইছলাম ধৰ্মৰ মতে, এই পৱিত্ৰ দিনটোতেই আল্লাই সৃষ্টি কৰিছিল পৃথিৱীখন আৰু কাফেৰৰ সৈতে যুদ্ধ কৰি কাৰবোলা মৈদানত শ্বহীদ হৈছিল মদিনা শ্বৰীফৰ ইমাম হাচান - হুছেইন । তেতিয়াৰ পৰাই ইমাম হাচান হুছেইন দুই ভাতৃৰ নামত ইছলাম ধৰ্মাৱলম্বী লোকসকলে দুটাকৈ ৰোজা ৰাখে । দেওবাৰে মদিনা শ্বৰীফৰ প্ৰতীক লৈ হাতে হাতে লাঠী আৰু ইছলামিক পতাকা লৈ শোভাযাত্ৰা উলিয়াই ধুবুৰী চহৰত । মহৰম উপলক্ষে সকলোৱে ৰোজা ৰাখি ধৰ্মীয় উপাসনা কৰাৰ পিছত এইদৰে শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰা উলিওৱাৰ পূৰ্বে সকলোৱে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় ।
জিলা প্ৰশাসনৰ লগতে, আৰক্ষী বিভাগেও এই উৎসৱ শান্তিপূৰ্ণ সফল ৰূপায়ণৰ বাবে সহযোগিতা আগবঢ়ায় বুলি আয়োজকসকলে জানিবলৈ দিয়ে ৷ এই উৎসৱৰ জৰিয়তে হাচান হোচেনক স্মৰণ কৰাৰ লগতে তাজিয়াৰ অন্তত তেওঁলোকে বিশ্ব শান্তিৰ বাবে দোৱা কৰে ৷
লগতে পঢ়ক : Manipur crisis: অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাবলৈ মণিপুৰত আৰম্ভ বায়’মেট্ৰিক ব্যৱস্থা