ETV Bharat / state

মেৰামতিৰ অভাৱত পুখুৰীসদৃশ হ'ল ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথ - ধুবুৰী

ধুবুৰীৰ মৰণফান্দ ৰূপী ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুৱাইছে যান বাহন চালকৰ লগতে সৰ্বসাধাৰণ ৰাইজক । গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখী ঘাই পথত সৃষ্টি হোৱা প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতে অঞ্চলটোত ব্যাহত কৰিছে যাতায়ত ব্যৱস্থা

মেৰামতিৰ অভাৱত পুখুৰীসদৃশ হ'ল ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথ
author img

By

Published : Jun 18, 2019, 3:31 PM IST

ধুবুৰী,18 জুনঃ গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখে যোৱা ১৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থা ৷ বিগত প্ৰায় তিনি মাহ ধৰি বিধ্বস্ত বাট পথৰ মাজেৰেই চলিছে দুৰ্বিষহ যাতায়ত ব্যৱস্থা। এনে বিধ্বস্ত বাট পথৰ বাবে প্ৰতিদিনেই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ আহিছে অঞ্চলটোত ৷

মেৰামতিৰ অভাৱত পুখুৰীসদৃশ হ'ল ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথ

এই সন্দৰ্ভত ৰাইজে ধুবুৰী গড়কাপ্তানী বিভাগক অৱগত কৰাৰ পিছত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে ঘাইপথটো উন্নত কৰিব বুলি উল্লেখ কৰে ৷ কিন্তু ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰা ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠন । শীঘ্ৰেই এই গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়কঃ হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

Intro: মৰণফান্দ ৰূপী ৰাষ্ট্ৰীয় ঘাইপথত জ্বলাকলা খাইছে ধুবুৰীৰ যান বাহন চালকৰ লগতে সৰ্ব সাধাৰণ ৰাইজক। গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখী ঘাই পথত পুখুৰী সদৃশ গাত। তাৰ মাজতেই চলিছে শ শ যান বাহনৰ লগতে এম্বুলেঞ্চ।

Body: প্ৰথমে চাওঁক এই দৃশ্য। গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখে যোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ এয়াই বাস্তৱ ছবি। পথ নহয় যেন পুখুৰীহে। বিগত প্ৰায় তিনি মাহৰ পৰাই এই বিধ্বস্ত বাট পথৰ মাজেৰেই চলিছে দুৰ্বিসহ যাতায়ত ব্যৱস্থা। প্ৰতিদিনে শ শ যান বাহন এইদৰে চলাচল কৰে। লগতে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ শ শ এম্বুলেঞ্চ চলাচল কৰি আহিছে। এনে বাট পথৰ মাজেৰে অসুস্থ ৰোগী অনা নিয়া কৰোঁতে কি অৱস্থা হব পাৰে সেয়াই চিন্তনীয় বিষয়। আনহাতে এনে বিধ্বস্ত বাট পথৰ বাবে প্ৰতিদিনেই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। মৃত্যুক আঁকোৱালি লব লগীয়া হৈছে বহুতেই। কিন্তু এই ক্ষেত্ৰত ৰাইজৰ ফালৰ পৰা ধুবুৰী গড়কপ্তানী বিভাগক অৱগত কৰাৰ পিছত এয়া ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে কৰিব বুলি উল্লেখ কৰে বুলি ৰাইজে উল্লেখ কৰে। আনহাতে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণেও এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰা ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠন। শীঘ্ৰেই এই গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে
Byte:- ৰাইজ

Conclusion: যদিওঁ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি গুৰুত্ব প্ৰদান কৰে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.