ধুবুৰী, 19 অক্টোবৰ: ধুবুৰী জিলাৰ বীৰসিং জৰুৱা উন্নয়ন খণ্ডৰ আঞ্চলিক সভাপতি ৰবিউল আওৱাল মোল্লাৰ বিৰুদ্ধে বিভাগীয় কাৰ্যালয়ত অনাস্থা প্ৰস্তাৱ দাখিল ৷ বাৰ গৰাকীকৈ আঞ্চলিক সদস্য সদস্যাই অনাস্থা প্ৰস্তাৱ দাখিল কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । অভিযোগ অনুসৰি উন্নয়ন খণ্ডৰ আঞ্চলিক সভাপতি মোল্লাই আঞ্চলিক পঞ্চায়তৰ সদস্য সকলক আওকাণ কৰি নিজৰ ইচ্ছা মতেই কাম কাজ কৰি গৈছে । ইয়াৰ সমান্তৰালকৈ সভাপতি গৰাকীৰ বিৰুদ্ধে বিভিন্ন আঁচনি ৰূপায়ণৰ নামৰ কমিচনৰাজ চলোৱাৰো অভিযোগ উঠিছে । সেয়ে সভাপতি গৰাকীৰ কাম কাজত অসন্তুষ্ট হৈ পৰা বাকী সদস্য সকলে ক্ষুব্ধ হৈ আজি সভাপতিৰ বিৰুদ্ধে খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা পৰিষদৰ সভাপতিৰ উপৰিও ধুবুৰী জিলা উপায়ুক্তৰ ওচৰত এখন অনাস্থা প্ৰস্তাৱ দাখিল কৰে ৷
অনাস্থা প্ৰস্তাৱত বীৰসিং জৰুৱা উন্নয়ন খণ্ডৰ উপ সভাপতি সাজাহান মণ্ডল, জৰুৱাৰ চৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ইউচুব আলী, মুঠাখোৱা পঞ্চায়তৰ আঞ্চলিক সদস্য তোফাজ্জুল হক আনছাৰী, গোসাঁইডুবি তিনডুবি পঞ্চায়তৰ আঞ্চলিক সদস্য চৰবত আলী, বীৰসিং পঞ্চায়তৰ আঞ্চলিক সদস্য আব্দুৰ ৰহমান, পোৰাৰচৰ পঞ্চায়তৰ আঞ্চলিক সদস্যা ফাতেমা বেগম, বন্দিহানা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য তাৰা মিঞাকে ধৰি বাৰ গৰাকী আঞ্চলিক সদস্য সদস্যাই স্বাক্ষৰ প্ৰদান কৰে ৷
লগতে পঢ়ক: কেইবাটাও দাবীত ধুবুৰীত এছ ইউ চি আইৰ প্ৰতিবাদ