ETV Bharat / state

বিলাসীপাৰাত ভ্ৰাম্যমাণ কাঠ ফলা মিল জব্দ - টিলাপাৰা

বিলাসীপাৰাত ভ্ৰাম্যমান কাঠ ফলা মিল সহ বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ ৷ শালকোচা আৰক্ষী আৰু শালকোচা আঞ্চলিক বন বিভাগৰ যৌথ অভিযানত কাঠ ফলা মিলসহ চোৰাং কাঠ খিনি জব্দ হয় ৷ গোপন তথ্যৰ ভিত্তিত টিলাপাৰাৰ অতি ভিতৰুৱা অঞ্চল চৰুৱা বাখৰাত মঙলবাৰে নিশা এই অভিযান চলে ৷

বিলাসীপাৰাত ভ্ৰাম্যমাণ কাঠ ফলা মিল জব্দ
বিলাসীপাৰাত ভ্ৰাম্যমাণ কাঠ ফলা মিল জব্দ
author img

By

Published : Nov 4, 2020, 1:42 PM IST

পশ্চিম বিলাসীপাৰা, 4 নৱেম্বৰ : বিলাসীপাৰাত বৃহৎ পৰিমাণৰ ফলা কাঠৰ লগতে ভ্ৰাম্যমান কাঠ ফলা মিল জব্দ ৷ নিশা শালকোচা আৰক্ষী আৰু শালকোচা আঞ্চলিক বন বিভাগৰ অভিযানত কাঠ ফলা মিল সহ ফলা কাঠ খিনি জব্দ হয় ৷

বিলাসীপাৰাত ভ্ৰাম্যমান কাঠ ফলা মিল সহ বৃহৎ পৰিমানৰ ফলা কাঠ জব্দ

মঙ্গলবাৰে নিশা গোপন তথ্যৰ ভিত্তিত টিলাপাৰাৰ অতি ভিতৰুৱা অঞ্চল চৰুৱাবাখৰত এই অভিযান চলে। অভিযানত আৰক্ষীয়ে কাঠ ফলা মিল আৰু কাঠ সমূহ জব্দ কৰিবলৈ সক্ষম হয় যদিও বন বিভাগ আৰু আৰক্ষী অহাৰ উমান পাই চোৰাং কাঠ ব্যৱসায়ী সকল পলাই সাৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত কাঠ ফলা মিল সহ চোৰাং কাঠ সমূহ শালকোচা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যোৱা হয় ৷

শালকোচা আৰক্ষী আৰু শালকোচা আঞ্চলিক বন বিভাগৰ যৌথ অভিযানত চোৰাং কাঠ খিনি জব্দ হয়

উল্লেখ্য যে বিলাসীপাৰাত এনেদৰেই দিনে নিশাই বিভিন্ন অবৈধ কাম কাজ চলি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিলাসীপাৰাৰ চৰুৱাবাখৰতো চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ তথ্য পোৱাৰ পাছতেই চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে শালকোচা আৰক্ষী আৰু শালকোচা আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়ববীয়া সকলে এক যৌথ অভিযান চলাই কাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: ধুবুৰীত আৰক্ষীৰ অভিযানত উৎখাত অবৈধ কাৰখানা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.