ধুবুৰী, 17 জুনঃ ধুবুৰীত ক্ৰিকেট খেল উপভোগ কৰাৰ নামত জুৱা । আৰক্ষীৰ অভিযানত আটক এজন জুৱাৰী ৷ ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচৰ মাজতেই লাখ-লাখ টকাৰ জুৱাৰ বেহা ।
![etv bharat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhb-809-16june-cricket-juwa-pic-vis-shahanur_16062019234207_1606f_1560708727_506.jpg)
এক গোপন তথ্যৰ ভিত্তিত ধুবুৰীৰ নুনিয়া পট্টি অঞ্চলৰ ৰাজেশ সাহ নামৰ লোকজনৰ ঘৰত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ম’বাইলৰ জৰিয়তে জুৱা খেলা সাহক ৷ আৰক্ষীয়ে হাতে লোতে ধৰা পেলাই আটক কৰে জুৱাৰীজনক । অভিযানত নগদ ২২,৭৩০ টকা, এটা ম’বাইল ফোন আৰু বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।