ধুবুৰী, 23 এপ্ৰিল: ধুবুৰীত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস ৷ ঈদৰ আনন্দৰ মাজতেই ধুবুৰীৰ এগৰাকী অসহায় মহিলাক চোকা অস্ত্ৰৰে হানি-খুচি হত্যাৰ চেষ্টা ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আঞ্চলটোত (Miscreants attempt to kill helpless woman) ৷
প্ৰাপ্ত তথ্য অনুসৰি নিউঘাট অঞ্চলৰ আনোৱাৰা বেগম নামৰ এগৰাকী মহিলাক নিউঘাট অঞ্চলৰ বালি চৰত পৰি থকা প্ৰত্যক্ষ কৰে একাংশ প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱা ৰাইজে ৷ মহিলা গৰাকীক পিঠিতঅচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে ৷ ৰক্তাক্ত অৱস্থাত বালিচৰত পৰি থকা মহিলাগৰাকীৰ পিঠিত চোকা অস্ত্ৰ সোমাই থকা প্ৰত্যক্ষ কৰে প্ৰত্যক্ষদৰ্শীয়ে (Attempt to Murder at Dhubri) ৷
ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী ৰাইজে স্থানীয় আৰক্ষীৰ সৈতে বাৰম্বাৰ যোগাযোগ কৰিও ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পিচত উপায়ন্তৰ হৈ স্থানীয় একাংশ ৰাইজে এখন এম্বুলেন্সৰ জৰিয়তে গুৰুতৰভাৱে আহত মহিলাগৰাকীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷ তাৰ পাচতহে পুৱা প্ৰায় ন মান বজাত ধুবুৰীৰ এ এম কোঃ ৰোড বজাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে (Miscreants attempt to kill helpless woman in Dhubri) ৷
ইফালে মহিলাগৰাকীক অস্ত্ৰপচাৰ কৰাৰ বাবে ডি এম চি এইচত প্ৰয়োজনীয় আই চি ইউৰ কোনো ব্যৱস্থা নথকাৰ ফলত অস্ত্ৰোপচাৰ আৰু উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা যায় ৷ আহত মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত বুলিও স্থানীয় ৰাইজে সদৰী কৰে ৷ কিন্তু আহত মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, তেওঁৰ গৰু চুৰি কৰি নিয়াৰ সময়ত বাধা দিয়াৰ বাবেই ভাতৃ সম্পৰ্কীয় এজন লোকৰ নেতৃত্বত তিনিজনীয়া দুৰ্বৃত্তৰ দলে নিশা হত্যাৰ চেষ্টা চলাই ৷ এজন লোকৰ নাম উল্লেখ কৰি তিনিজন দুষ্ট চক্ৰই এই কাণ্ডত জড়িত বুলি দাবী কৰিছে মহিলাগৰাকীয়ে ৷
ধুবুৰী আৰক্ষীৰ নাকৰ তলতেই নিউঘাট অঞ্চলত দুদিন পূৰ্বেও এনে ছুৰিকাঘাতত মহিলা, পুৰুষসহ আহত হৈছিল দুজনকৈ লোক ৷ তাৰ পিচতেই শনিবাৰৰ নিশা মানসিক বিকাৰগ্ৰস্ত অসহায় মহিলাক দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টা চলোৱা ঘটনাই আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটোকেই উদঙাই দিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷
ধুবুৰীৰ এ এম কোঃ ৰোড বজাৰ আৰক্ষীয়ে নিশা পেট্ৰলিং কৰাৰ নামত টোপনিত লাল-কাল হৈ থাকে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ৷ আনকি আজিৰ সভ্য সমাজতো এগৰাকী অসহায় মানসিক বিকাৰগ্ৰস্ত মহিলাক কোনে কি স্বাৰ্থৰ বাবে চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টা চলাইছিল এই বিষয়ক লৈও স্থানীয় সচেতন মহলৰ মাজত ব্যপক চৰ্চা চলিছে ৷ সকলোৱে এক মুখে এই ঘটনাক ধিক্কাৰ দিয়া পৰিলক্ষিত হোৱাৰ লগতে দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে ৷
লগতে পঢ়ক: Drugs Paddler: বৰপেটাৰোডৰ নিচুকাত ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ত