ETV Bharat / state

Medical service begins at Hasdah model Hospital: কিছমত হাসদহ চিকিৎসালয়ত চিকিৎসা সেৱা আৰম্ভ - Medical service begins at Hasdah model Hospital in Dhubri

ভূত বাংলাত পৰিণত ধুবুৰীৰ কিছমত হাসদহ আদৰ্শ চিকিৎসালয়ত আঠ বছৰ পিছত আৰম্ভ হ'ল চিকিৎসা সেৱা(Medical service begins at Hasdah model Hospital in Dhubri)।কংগ্ৰেছ চৰকাৰৰ দিনত ২০১৪ চনতেই নির্মাণকাৰ্য্য সম্পন্ন হৈছিল যদিও আৰম্ভ হোৱা নাছিল চিকিৎসা সেৱা । শুকুৰবাৰে স্থানীয় বিধায়ক নজৰুল হকে আনুষ্ঠানিক আদৰ্শ চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰাত ৰাইজ উৎফুল্লিত হৈছে ।

Medical service begins at Hasdah model Hospital
কিছমত হাসদহ চিকিৎসালয়ত চিকিৎসা সেৱা আৰম্ভ
author img

By

Published : Aug 6, 2022, 2:28 PM IST

ধুবুৰী, ৬আগষ্ট: অৱশেষত আঠ বছৰৰ অন্তত চিকিৎসা সেৱা আৰম্ভ হ'ল ধুবুৰীৰ কিছমত হাসদহ আদৰ্শ চিকিৎসালয়ৰ(Medical service begins at Hasdah model Hospital in Dhubri)। নির্মাণকাৰ্য্য সম্পন্ন হোৱাৰ প্ৰায় আঠ বছৰ পিছত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ধুবুৰী কিছমত হাসদহ আদৰ্শ চিকিৎসালয়ৰ বহিঃবিভাগৰ চিকিৎসা সেৱা । উল্লেখ্য যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত ৰাজ্যৰ বিভিন্ন বিধানসভা সমষ্টিৰ লগতে ধুবুৰী বিধানসভা সমষ্টিৰ ধৰ্মশালা অঞ্চলৰ কালাহাট পঞ্চায়ত এলেকাৰ কিছমত হাসদহ আদৰ্শ চিকিৎসালয়ৰ নির্মাণ আৰম্ভ হৈছিল । কিন্তু ৰাইজ চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছিল ।

কিছমত হাসদহ চিকিৎসালয়ত চিকিৎসা সেৱা আৰম্ভ

উক্ত চিকিৎসালয়খন কংগ্ৰেছ চৰকাৰৰ দিনত ২০১৪ চনতেই নির্মাণকাৰ্য্য সম্পন্ন হৈছিল । কিন্তু ছয় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয়খন বিগত আঠ বছৰে ভূত বাংলাত পৰিণত হৈ আছিল । অঞ্চলটোৰ ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য কৰি ধুবুৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জাহান উদ্দিন আৰু বৰ্তমানৰ বিধায়ক নজৰুল হকে চৰকাৰৰ সৈতে আলোচনা কৰাৰ পিছত অৱশেষত ভাল দিন আহিল বৃহত্তৰ ধৰ্মশালা আৰু সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ বাবে । কেইদিনমান পূৰ্বে চিকিৎসক, নাৰ্ছ,ফাৰ্মাচিষ্ট আৰু বিভিন্ন কৰ্মচাৰী নিয়োগ কৰাৰ পিছতেই শুকুৰবাৰে জিলা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোধ ৱাৰী, জিলা স্বাস্থ্য আৰু যুটীয়া সঞ্চালক ডাঃ ইমদাদ উল্লাহ আৰু প্ৰাক্তন বিধায়ক জাহান উদ্দিন, ধুবুৰী পৌৰপতি ডাঃ দেৱময় সান্যালৰ উপস্থিতিত স্থানীয় বিধায়ক নজৰুল হকে আনুষ্ঠানিক আদৰ্শ চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰে(MLA Nazrul Haque)।

এই উদ্বোধন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন উদ্বোধনী সভা অনুষ্ঠিত হয় । ইপিনে, চিকিৎসালয়খনৰ বাবে প্ৰয়োজনীয় মাটি দান কৰা সকলক পূৰ্বে বিভিন্ন চাকৰিৰ প্ৰলোভন দিয়া হৈছিল বুলি উল্লেখ কৰি পর্যায়ক্ৰমে মাটি দান কৰা পৰিয়ালৰ একোজনক অস্থায়ী ভাবে হ'লেও কৰ্ম সংস্থাপন দিয়াৰ আশ্বাস দিছে বিধায়ক নজৰুল হকে ।

লগতে পঢ়ক:Indian Army Seminar: ভাৰতীয় সেনাৰ আলোচনাচক্ৰৰ সামৰণি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.