ETV Bharat / state

ধুবুৰী আজমল চুপাৰ 40 ত আনন্দৰ বন্যা, NEET ত উজলিল বহু শিক্ষাৰ্থী

সৰ্ব ভাৰতীয় NEET পৰীক্ষাত (NEET examination 2022) উজলিল আজমল চুপাৰ 40 ৰ কেবাগৰাকীও শিক্ষাৰ্থী । ফলত ধুবুৰী আজমল চুপাৰ 40 ত এতিয়া বৈছে আনন্দৰ বন্যা ৷ শনিবাৰে কৃৰ্তী শিক্ষাৰ্থী আৰু অভিভাৱকক আজমল চুপাৰ 40 ত জনোৱা হয় সম্বৰ্ধনা ।

author img

By

Published : Sep 10, 2022, 10:54 PM IST

NEET examination 2022
ধুবুৰী আজমল চুপাৰ 40 ত আনন্দৰ বন্যা

ধুবুৰী, 10 ছেপ্টেম্বৰ : সৰ্ব ভাৰতীয় NEET পৰীক্ষাত (NEET examination 2022) সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আজমল চুপাৰ 40 ৰ (Ajmal Super 40 Scheme) কেইবাগৰাকীও শিক্ষাৰ্থীয়ে ৷ যাৰ ফলত শনিবাৰে এক উৎসৱ মুখৰ পৰিৱেশৰ সূচনা হয় ধুবুৰী আজমল চুপাৰ 40 চৌহদত । আনকি NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ধুবুৰী আজমল চুপাৰ 40 ৰ কৃৰ্তী শিক্ষাৰ্থী আৰু অভিভাৱকসকলক সম্বৰ্ধনাও জনোৱা হয় ৷

লগতে উক্ত দিনটোত কেক কাটিও পালন কৰা হয় বিজয় উল্লাস । বিশেষকৈ কৃৰ্তী শিক্ষাৰ্থী চাবা ছামশ্বাদে 631 নম্বৰ আৰু ৰূমনা ৰহমানে 612 নম্বৰ লাভ কৰাৰ বিপৰীতে আনিচুৰ ৰহমানে 580, আব্দুৰ ৰছিদ আহমেদে 568, মাহফুজা চুলতানাই 563, ৱাচিফা চুলতানাই 549, জিন্দাল হুছেইনে 539 আৰু মেহমুদল ইছলাম আনছাৰীয়ে 530 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

ধুবুৰী আজমল চুপাৰ 40 ত আনন্দৰ বন্যা

এইবেলি সৰ্ব ভাৰতীয় NEET পৰীক্ষাত আজমল চুপাৰ 40 ৰ দুই শতাধিক শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হয় ৷ যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা আজমল চুপাৰ 40 ৰ চৌহদত এক উখল মাখল পৰিৱেশৰ সূচনা হয় । লক্ষণীয় বিষয় যে, 8 গৰাকী কৃৰ্তী শিক্ষাৰ্থীৰ ভিতৰত অধিকাংশই অসমীয়া মাধ্যমৰ ছাত্ৰ আছিল ।

লগতে পঢ়ক : মাদ্ৰাছাত পঢ়িও চিকিৎসক হ’ব পাৰি : শ্বইফ আখতাৰ

উল্লেখ্য যে, দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল সুপাৰ ৪০ নামেৰে এক অভিলাসী আঁচনি (Ajmal Super 40 Scheme) ৷ আজমল সুপাৰ ৪০ য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে ৷

জানিব পৰা মতে, সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশই আৰ্থিকভাৱে পিছপৰা ৷ শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল ৷

আজমল ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া ক’চিঙৰ ব্যৱস্থা কৰে ৷ লগতে তেনে শিক্ষাৰ্থীক প্ৰদান কৰিছিল জলপানিও ৷ আনহাতে আৰ্থিকভাৱে সৱল শিক্ষাৰ্থীসকলকো বিশেষ ৰেহাই প্ৰদান কৰি উন্নত ক’চিং প্ৰদানেৰে তেওঁলোকৰ এই সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল সুপাৰ ৪০ য়ে ৷ এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ শিক্ষকমণ্ডলীৰ দ্বাৰাও ক’চিং প্ৰদান কৰা হৈছিল ৷

লগতে পঢ়ক : ৫০ কেজি ওজনৰ কেক কাটি আজমল সুপাৰ ৪০ ত বিজয় উল্লাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.