পশ্চিম বিলাসীপাৰা, 26 মে' : নতুন চৰকাৰ খনে ৰাজ্যৰ ১ লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ ঘোষণা কৰিছে । কিন্তু ২০১৫ চনতে মাদ্ৰাছা টেট উত্তীৰ্ণ হোৱা যুৱক-যুৱতী সকলে আজিও নাপালে নিযুক্তি ৷ তেনে টেট উত্তীৰ্ণ যুৱক-যুৱতী সকলক নিযুক্তি প্ৰক্ৰিয়াত সাঙুৰি ল’বলৈ চৰকাৰ লৈ কাতৰ আহ্বান টেট উত্তীৰ্ণ ধুবুৰী জিলা সন্থাৰ । অন্যথা সমূহীয়াকৈ আত্ম জাহ দিয়াৰ হুংকাৰ দিছে মাদ্ৰাছা টেট উত্তীৰ্ণ যুৱক-যুৱতী সকলে।
বুধবাৰে বিলাসীপাৰাত ক'ভিড বিধি মানি হাতে হাতে প্লে'কাৰ্ড লৈ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে এক প্ৰতিবাদীল কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইয়াৰ পিছতে বিলাসীপাৰা প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে সদৌ অসম মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাৰ ধুবুৰী জিলা সমিতিয়ে ।
জিলা সমিতিৰ সভাপতি জুপিতৰা মেধী আৰু সম্পাদক জ্যোতিষ দাসৰ লগতে সন্থাৰ সদস্য সকলে ক'ভিড বিধি মানি সংবাদমেলত দাবী জনাই কয় যে, ৰাজ্যত নতুন কৈ ১ লাখ নিবনুৱাক চৰকাৰী চাকৰী দিয়াৰ কথা ঘোষণা কৰিছে মুখ্য মন্ত্ৰীয়ে । ২০১৫ চনতে মাদ্ৰাছা টেট পৰীক্ষাত উত্তীৰ্ণ হৈ অদ্যপি নিযুক্তি লাভ নকৰিলে ধুবুৰী একাংশ যুৱক-যুৱতীয়ে ৷
সেয়েহে ৰাজ্যৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক নিযুক্তি দিবলৈ সদৌ অসম মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাৰ ধুবুৰী জিলা সমিতিয়ে দাবী উত্থাপন কৰে ৷
লগতে পঢ়ক: দীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ