ETV Bharat / state

দিল্লীৰ ৰঙা চকুৰ ভয়ত আঁঠু লোৱা চৰকাৰে জাতীয় চেতনাক বুজি নাপায় : লুৰিণ

author img

By

Published : Feb 27, 2021, 9:43 PM IST

শনিবাৰে বিলাসীপাৰাত অসম জাতীয় পৰিষদ (AJP)ৰ এখন জাতীয় জাগৰণ আৰু যোগদান সভা অনুষ্ঠিত হয় ৷ সভাৰ অন্তত সাংবাদিকক সম্বোধন কৰি লুৰিণে কয়, এইবাৰ অসম জাতীয় পৰিষদৰ নেতৃত্বত চৰকাৰ হ'ব ৷

lurinjyoti gogoi comment againts bjp
এজেপিৰ যোগদান সভাত লুৰিণ

পশ্চিম বিলাসীপাৰা, 27 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে অসম জাতীয় পৰিষদ (AJP) দলেও বিলাসীপাৰাত বজালে ৰনশিঙা | শনিবাৰে বিলাসীপাৰাত অসম জাতীয় পৰিষদ (AJP)ৰ এখন জাতীয় জাগৰণ আৰু যোগদান সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দলৰ সভাপতি লুৰিণ জ্যোতি গগৈ ৷

এজেপিৰ যোগদান সভাত লুৰিণ

সভাৰ অন্তত সাংবাদিকক সম্বোধন কৰি লুৰিণে কয়, এইবাৰ অসম জাতীয় পৰিষদৰ নেতৃত্বত চৰকাৰ হ'ব ৷ বিজেপি দলৰ সাম্প্ৰদায়িক ভাবধাৰাৰ পৰা মুক্ত হৈ তথা কংগ্ৰেছ, এআইইউডিএফ দলৰ মিথ্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ অসম জাতীয় পৰিষদক অসমৰ ৰাইজে বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰে লুৰিণে ৷

দিল্লীৰ ৰঙা চকুৰ ভয়ত আঁঠু লোৱা চৰকাৰখনে জাতীয় চেতনাক বুজি নাপায় ৷ এইবাৰৰ নিৰ্বাচনত অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু বিপিএফে মিলি ১২৬ টা সমষ্টিত প্ৰাৰ্থীত্ব দিব ৷ সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে এজেপিৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷

জাতীয় জাগৰণ আৰু যোগদান সভাত দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানক ধৰি কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে ৷ স্থানীয় অৱসৰ প্ৰাপ্ত শিক্ষক হিৰণ্য নাথৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত শতাধিক কৰ্মীয়ে এজেপি দলত যোগদান কৰে ৷

লগতে পঢ়ক: পাকিস্তান জিন্দবাদ ধ্বনি দিয়া লোকৰ ভোট নালাগে বিজেপিক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.