ETV Bharat / state

বিলাসীপাৰাত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ প্ৰতিবাদ - স্মাৰকপত্ৰ

সপ্তম দৰমহা নীতিৰ ভিত্তিত প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকসকলক গ্ৰেড পে ভিত্তিত বেতন আদায় দিয়াৰ দাবীত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বিলাসীপাৰাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে ৷ প্ৰতিবাদৰ অন্তত প্ৰতিবাদী শিক্ষকসকলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এক স্মাৰকপত্ৰ ৷

LP teachers protest in bilasipara assam etv bharat news
শিক্ষকৰ প্ৰতিবাদ
author img

By

Published : Oct 5, 2020, 2:10 PM IST

পশ্চিম বিলাসীপাৰা,5 অক্টোবৰ: ধুবুৰীৰ বিলাসীপাৰাত সোমবাৰৰ দিনটোত শ্ৰেণীকোঠাৰ পৰিৱৰ্তে প্ৰতিবাদত নমা দেখা গ’ল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক ৷ শিক্ষকসকলে সাত দফীয়া দাবীৰ সমৰ্থনত দিনৰ এঘাৰ বজাৰ পৰা পালন কৰে দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ বিলাসীপাৰাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহে শিক্ষক সমাজ ৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানমৰ্মে তথা বিলাসীপাৰা মহকুমা শিক্ষক সন্মিলনীৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে ৷

উল্লেখ্য যে, সপ্তম দৰমহা নীতিৰ ভিত্তিত প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকসকলক গ্ৰেড পে ভিত্তিত বেতন আদায় দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 প্ৰয়োগৰ পূৰ্বে সকলো ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়া কৰাৰ লগতে সাত দফীয়া দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষকসকলে ৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত প্ৰতিবাদী শিক্ষকসকলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এক স্মাৰকপত্ৰ ৷

শিক্ষকৰ প্ৰতিবাদ

লগতে চাওকঃ বাছ ভাৰা বৃদ্ধিৰ বিৰোধিতা যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.