ডুমডুমা, 25 মাৰ্চঃ 21 দিনলৈ ঘোষিত লক ডাউনৰ সময়ত ডুমডুমা নগৰৰ কেইবাটাও অঞ্চল অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত ছেনিটাইজ কৰে ৷ ডুমডুমা আৰক্ষী থানাৰ চৌহদৰ লগতে নিয়মীয়া বজাৰ, আজাদ ৰোড, কলিয়াপানী আদি অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীক লোকসকলে ছেনিটাইজ কৰে ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে নগৰখনত কাইলৈ পুণৰ ছেনিটাইজ কৰা হ'ব বুলিও জনায় ৷
ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত বৰ্তমান বহিঃ ৰাজ্যৰ লোক প্ৰৱেশ কৰা বুলি এক তথ্য পোহৰলৈ আহিছে ৷ যাৰ বাবে যথেষ্ট শংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷ ডিব্ৰুগড়ত জিলা প্ৰশাসন, পৌৰসভা আৰু এনজিঅ আশীৰ্বাদৰ সহযোগিতাত আজি চহৰৰ বিভিন্ন অঞ্চল চেনিটাইজ কৰা হয় ৷
শিৱসাগৰঃ একেদৰে আজি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগতো ৰাজহুৱা স্থান পৰিস্কাৰ অভিযান আৰম্ভ কৰিছে ৷ শিৱসাগৰ ৰাজহ চক্ৰ এলেকাত এনে পৰিস্কাৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে জিলা উপায়ুক্তই বিভিন্ন টাস্কফৰ্চ গঠন কৰি দিছে ৷ বিভিন্ন বিভাগৰ দ্বাৰ গঠিত এনে টাস্কফৰ্চ সমূহে পৰিস্কাৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে বিজানুনাশক ব্যৱস্থাও গ্ৰহণ কৰিছে ৷