ETV Bharat / state

হাতত 30 হাজাৰ টকা লৈ ধুবুৰী সমষ্টিত নিৰ্বাচনত নামিল 26 বছৰীয়া যুৱক

author img

By

Published : Apr 5, 2019, 12:09 AM IST

Updated : Apr 5, 2019, 1:33 AM IST

সাংসদ বদৰুদ্দিন আজমলৰ বিগত 10 বছৰৰ শাসনকালৰ অতিষ্ঠ হৈ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিলে ২৬ বছৰীয়া শুকুৰ আলী নামৰ যুৱকজনে ৷

নিৰ্বাচনত নামিল 26 বছৰীয়া যুৱক

ধুবুৰী, 4 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত ধুবুৰীত পৰিলক্ষিত হ'ল এগৰাকী ব্যাতিক্ৰমী প্ৰাৰ্থী ৷ শুকুৰ আলী ওৰফে মিলন নামৰ এজন যুৱকে বদৰুদ্দিল আজমলৰ বিৰুদ্ধে ক্ষোভিত হৈ বৃহস্পতিবাৰে দাখিল কৰিলে মনোনয়ন ৷ সাংসদ বদৰুদ্দিন আজমলৰ বিগত 10 বছৰৰ শাসনকালৰ অতিষ্ঠ হৈ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিলে ২৬ বছৰীয়া শুকুৰ আলী নামৰ যুৱকজনে ৷ হাতত কেৱল ৩০ হেজাৰ টকা লৈ ১০টা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাব বুলিও দাবী কৰিছে শুকুৰ আলীয়ে ৷

drop media here..

উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয়ৰূপে সাংসদ হোৱাৰ সপোন ৰচা এই যুৱকজনৰ ঘৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৰ মদাতী গাঁৱত ৷ দিন হাজিৰা কৰি অৰ্জা ধনৰে দুখনকৈ বাঁহৰ দলং নিৰ্মাণ কৰি ৰাইজক সকাহ দিয়াৰ সুখ্যাতি আছে শুকুৰ আলীৰ ৷

SLUG- A_DHB_808_809_BYETIKROMI_PRARTHI_VIS+BYTE_SHAHANUR
Date:-4/04/19
 ( Files send through MOJO )

     Anchor:- শুকুৰ আলী ওৰফে মিলন নামৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থীৰ আজি মনোনয়ন দাখিল। দেশৰ ভিতৰতে সৰ্ব কণিষ্ঠ প্ৰাৰ্থীজনে ৰাইজৰ পৰা সহায় লৈ মাত্ৰ ত্ৰিশ হাজাৰ টকাৰ পুঁজি লৈ আজমলৰ বিৰুদ্ধে নামিছে নিৰ্বাচনী ৰণক্ষেত্ৰত।

    vo:- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত ধুবুৰীত প্ৰত্যক্ষিত হ'ল এগৰাকী ব্যাতিক্ৰমী প্ৰাৰ্থী৷ বিগত ১০ বছৰে বদৰুদ্দিন আজমলে সমষ্টিটোৰ বাবে একো নকৰা বাবে  ক্ষোভিত হৈ এইবেলি লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱা বুলি দাৱী কৰিছে ২৬ গৰাকী এই যুৱকজনে৷ মিলন ওৰফে শুকুৰ আলীয়ে কেইবাগৰাকী সমৰ্থক সহ আজি জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ বিষয়টোৱে ইতিমধ্যে একাংশ মহলত আমোদৰ সৃষ্টি কৰাৰ লগতে চৰ্চিত হ'বলৈও লোৱা পোৱা গৈছে৷ হাতত কেৱল ৩০ হেজাৰ টকা থকা শুকুৰে লোকসভা সমষ্টিৰ ১০টা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাব বুলিও দাৱী কৰিছে৷ প্ৰয়োজনবোধে তেজ বিকি হ'লেও ধন সংগ্ৰহ কৰিব বুলি জনাইছে যুৱকজনে৷ কেৱল বদকৰুদ্দিন আজমলেই নহয়;  বিটিচি প্ৰধান হাংগ্ৰামা মহিলাৰীৰ বিৰূদ্ধেও সাধাৰণ মানুহৰ বাবে একো নকৰা বুলি ক্ষোভ উজাৰা পোৱা গৈছে শুকুৰে৷ কোনো জনবল-ধনবল নোহোৱাকৈ ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয়ৰূপে সাংসদ হোৱাৰ সপোন ৰচা এই যুৱকজনৰ ঘৰ হ'ল ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৰ মদাতী গাওঁত৷  দিন হাজিৰা কৰি অৰ্জা ধনৰে দুখনকৈ বাঁহৰ দলং নিৰ্মাণ কৰি ৰাইজক সকাহ দিয়াৰ সুখ্যাতীও আছে নিজৰ অঞ্চলত৷

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Apr 5, 2019, 1:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.