ETV Bharat / state

শালকোচা বজাৰত জব্দ বৃহৎ পৰিমানৰ বিলাতী সুৰা - ধুবুৰী জিলা আৰক্ষী

কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত আংশিক লক ডাউন, সান্ধ্য আইন বলৱৎ হৈ থকাৰ সুযোগ গ্ৰহণ কৰি জিলাই জিলাই একাংশ অসাধু লোকে চলাই গৈছে ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ পুনৰ ধুবুৰী জিলা আৰক্ষীয়ে (Dhubri police) আৰক্ষীয়ে চাপৰৰ শালকোচা বজাৰত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

Large quantity of liquor seized in dhubri
শালকোচা বজাৰত জব্দ বৃহৎ পৰিমানৰ বিলাতী সুৰা
author img

By

Published : Jun 30, 2021, 2:12 PM IST

পূৱ বিলাসীপাৰা, 30 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহৰ লগতে অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)ৰ তীব্ৰ অভিযান ৷ আন আন জিলাৰ সমান্তৰালকৈ ধুবুৰী জিলা আৰক্ষীয়ে (Dhubri police)ও ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত আংশিক লক ডাউন, সান্ধ্য আইন বলৱৎ হৈ থকাৰ সুযোগ গ্ৰহণ কৰি জিলাই জিলাই একাংশ অসাধু লোকে চলাই গৈছে ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ পুনৰ ধুবুৰী জিলা আৰক্ষীয়ে (Dhubri police) আৰক্ষীয়ে চাপৰৰ শালকোচা বজাৰত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।

বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, চাপৰ আৰু শালকোচা আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধভাৱে মজুত কৰি ৰখা বিলাতী সুৰাখিনি ৷ শালকোচা বজাৰত অশোক বৰ্মন নামৰ এজন লোকৰ ঘৰত অভিযান চলাই সুৰাখিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অশোক বৰ্মন নামৰ লোকজনৰ ঘৰৰ পৰা প্ৰায় 270 বটল বিলাতী সুৰাৰ লগতে 4,500 টকা জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ উমান পাই অশোক বৰ্মন পলাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে সুৰাখিনি জব্দ কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীয়ে (Chapar Police) তদন্ত অব্যাহত ৰাখিছে ।

শালকোচা বজাৰত জব্দ বৃহৎ পৰিমানৰ বিলাতী সুৰা

উল্লেখ্য যে, মঙলবাৰৰ দিনটোতে তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু সুৰা জব্দ কৰিবলৈ হৈছে ৷

এক গোপন সূত্ৰৰ পম খেদি তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক (DSP) হেমন্ত বড়োৰ নেতৃত্বত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে (Tinsukia pilice) এখন বিলাসী বাহন ডিগবৈৰ গোপনাৰীৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা অৱস্থাত গুইজান বাইপাছত তালাচী চলাই 21 গ্ৰাম ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে । আটকাধীন ড্ৰাগছ সৰবাহকাৰীজন ডিগবৈ গোপনাৰীৰ নৱ ডাঙৰীয়া ।

আনহাতে, ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া আৰু নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিব্ৰুগড় চহৰৰ নতুন বজাৰৰ সমীপৰ হৰিজন কলনীত চলায় এক অভিযান ৷ আৰক্ষীৰ এই অভিযানত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে বহু পৰিমানৰ অবৈধ চুলাই মদ নষ্ট কৰে আৰক্ষীৰ দলটোৱে । তদুপৰি ঘটনাস্থলীতে আৰক্ষীয়ে 5 জন সুৰাপায়ী আৰু এজন সুৰা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: গুইজান বাইপাছত ড্ৰাগছসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.