ETV Bharat / state

Tragic incident in Dhubri: ধুবুৰীত পুনৰ জলজীৱন মিছনৰ অধীনত কৰ্মৰত শ্ৰমিকৰ মৃত্যু

বিলাসীপাৰাৰ পাচত এইবাৰ ধুবুৰীৰ বীৰসিং চৰত জলজীৱন মিছন আঁচনিৰ কাম চলি থকা অৱস্থাত মৃত্যু শ্ৰমিকৰ । ড্ৰেইন খন্দা ট্ৰেক্টৰৰ তলত পৰি নিহত শ্ৰমিক ছাহিদুল ইছলাম । ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে অভিযোগ ৷ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ মৃত যুৱকজনৰ পৰিয়ালৰ ৷

author img

By

Published : Aug 16, 2023, 8:31 PM IST

Tragic incident in Dhubri
ধুবুৰীত পুনৰ জলজীৱন মিছনৰ অধীনত কৰ্মৰত শ্ৰমিকৰ মৃত্যু

ধুবুৰী, ১৬ আগষ্ট: বিলাসীপাৰাৰ পাচত এইবাৰ ধুবুৰীৰ বীৰসিং চৰত জলজীৱন মিছন আঁচনিৰ কাম চলি থকা অৱস্থাত মৃত্যু হয় এজন শ্ৰমিকৰ ৷ জলজীৱন মিছনৰ পাইপ বহুওৱাৰ বাবে ড্ৰেইন খন্দা ট্ৰেক্টৰৰ তলত পৰি নিহত হয় শ্ৰমিকজন । মৃত শ্ৰমিকজন অঞ্চলটোৰেই ছুৱাপাৰা দ্বিতীয় খণ্ড গাঁৱৰ ছাহিদুল ইছলাম বুলি জানিব পৰা হৈছে ৷

বীৰসিং চৰ গাঁৱত জলজীৱন মিছনৰ অধীনত নিৰ্মীয়মান প্ৰকল্প এটাৰ পাইপ বৰুৱাৰ কামত নিয়োজিত হৈ আছিল ছাহিদুলৰ ইছলাম ৷ ছাহিদুলে পাইপ আঁতৰাব গৈ পথৰ কাষেৰে ট্ৰেক্টৰ এখনে খান্দি থকা ড্ৰেইনত পৰি যায় ৷ দুৰ্ভাগ্যজনকভাৱে ড্ৰেইন খান্দি থকা ট্ৰেক্টৰখনৰ ব্লেডৰ তলত পৰি ক্ষত-বিক্ষত হৈ পৰে শ্ৰমিকজনৰ দেহ ।

গুৰুতৰভাৱে আহত শ্ৰমিকজনক তৎকালীনভাৱে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে শ্ৰমিকজনক মৃত ঘোষণা কৰে । লক্ষণীয় বিষয় যে, কেইদিনমান পূৰ্বে ধুবুৰীৰ বিলাসীপাৰাত জলজীৱন মিছনৰ কাম কৰি থকা অৱস্থা তিনিজনকৈ শ্ৰমিকৰ মৃত্যু হৈছিল । অভিযোগ উঠিছিল ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে । এইবাৰো অনুৰূপ অভিযোগ উত্থাপিত হৈছে এই ঘটনাক লৈ । বীৰসিং চৰত জলজীৱন মিছন আঁচনিৰ ঠিকা লাভ কৰা ঠিকাদাৰ আৰু কণিষ্ঠ অভিযন্তাৰ গাফিলতিৰ বাবেই আজি নিৰীহ যুৱকজনৰ মৃত্যু হোৱা বুলি অভিযোগ মৃতকৰ পৰিয়ালৰ ।

ইপিনে বিলাসীপাৰাৰ ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু হোৱাৰ বিপৰীতে প্ৰশাসনিকভাৱে আৰক্ষীৰ ফালৰ পৰা তদন্ত প্ৰক্ৰিয়া আৰম্ভ হয় । কণিষ্ঠ অভিযন্তাসহ কেইবাজনোকো তদন্তৰ আওতালৈ অনা দেখা গৈছিল । কিন্তু বীৰসিং চৰৰ অনুৰূপ ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে স্থানীয় ফকিৰগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ যায় যদিও আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: Tragic incident in Dhubri:বিলাসীপাৰাত জল জীৱনৰ পানীৰ টেংকীত তিনি শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.