ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিলাসীপাৰাত মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Aug 3, 2021, 7:43 PM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰী জিলা ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গান্ধী চ'কত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠন দুটাৰ বহু সংখ্যক নেতা-কৰ্মীয়ে বিলাসীপাৰাৰ গান্ধী চ'কত মূল পথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

Kmss Protest
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিলাসীপাৰাত মানৱ শৃংখল কাৰ্যসূচী

পশ্চিম বিলাসীপাৰা, ৩ আগষ্ট : দেশত কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত আছে । বিগত বছৰৰ পৰাই কৰ'ণাই দেশৰ অৰ্থনীতিত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলোৱা দেখা গৈছে । কেৱল এয়াই নহয় বহুতে চাকৰি হেৰুৱাইছে । বহুতৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈছে । কিন্তু তেনে সময়তে দেশজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে (Price hike) চিন্তিত কৰিছে সাধাৰণ ৰাইজক ৷

বিলাসীপাৰাত মানৱ শৃংখল কাৰ্যসূচী

বিশেষকৈ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে । যাৰ বাবে পেট্ৰ'লজাত সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বিভিন্ন দল সংগঠনে প্ৰতিবাদ (Protest) অব্যাহত ৰাখিছে । অসমৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাতো দেখা গ'ল প্ৰতিবাদ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰী জিলা ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গান্ধী চ'কত মানৱ শৃংখল (Human Chain) কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠন দুটাৰ বহু সংখ্যক নেতা কৰ্মীয়ে বিলাসীপাৰাৰ গান্ধী চ'কত মূল পথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়াৰ লগতে যোগান বিভাগৰ বিৰুদ্ধেও শ্ল'গান দিয়ে সংগঠনটোৱে । সংগঠনকেইটাৰ অভিযোগ কৰ'ণা মহামাৰীৰ ফলত ৰাজ্যৰ জনসাধাৰণ আৰ্থিকভাৱে জুৰুলা হৈ পৰাৰ এই সময়ছোৱাত মূল্যবৃদ্ধি ৰোধ কৰাৰ পৰিৱৰ্তে বৃদ্ধিহে কৰিছে চৰকাৰখনে । চৰকাৰৰ এনে কৰ্মকাণ্ডত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে কৃষক মুক্তি (KMSS) আৰু ছাত্ৰ মুক্তিৰ (SMSS) বিষয়ববীয়াসকল । মূল্যবৃদ্ধি ৰোধ নকৰিলে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠন দুটাই ।

লগতে পঢ়ক : জুলাই মাহত গুৱাহাটীত জেলত সোমাল 31 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.