ETV Bharat / state

AAP meeting in Dhubri: বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় দিব লাগিব; কমল কুমাৰ মেধি

‘‘ধৰ্ম বেলেগ হ’লেও ৰাজনীতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল দুয়ো ককাই-ভাই ৷ প্ৰয়োজনত ইজনে আনজনক সহায় কৰি থাকে ৷’’ ধুবুৰীত উপস্থিত হৈ এই মন্তব্য কৰে আপৰ নেতা কমল কুমাৰ মেধিয়ে (Kamal Kumar Medhi criticized Assam CM) ৷

author img

By

Published : May 1, 2023, 6:53 PM IST

AAP meeting in Dhubri
ধুবুৰীত আপৰ জনসভা
ধুবুৰীত আপৰ জনসভা

ধুবুৰী, ১ মে’ : ‘‘২০২৪-ত নৰেন্দ্ৰ মোডী চৰকাৰৰ অন্ত পৰিব আৰু ২০২৬-ত অসমত আম আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰিব । এই কথা আপুনি আমি যিমান বুজি পাওঁ তাতকৈ বেছি বুজি পায় মন্ত্ৰী পীযুষ হাজৰীকা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কাৰণ আম আদমী পাৰ্টীৰ উত্থান হৈছে তেতিয়াৰ পৰাই তেওঁলোক আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে ।’’ ধুবুৰী সমষ্টিৰ দুৰাহাটী অঞ্চলত আয়োজিত এক জনসভাত অংশ লৈ সোমবাৰে এই মন্তব্য কৰে আপৰ নেতা কমল কুমাৰ মেধিয়ে (Kamal Kumar Medhi criticized Assam CM) ৷

লগতে তেওঁ কয়, ‘‘সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাতো সাংগঠনিক দিশটো মজবুত কৰাত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷ কাৰণ এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় দিব লাগিব । যিমান দিনলৈ বদৰুদ্দিন আজমলৰ ৰাজনীতি চলি থাকিব সিমান দিনলৈ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি চলি থাকিব । দুয়োৰে ধৰ্ম বেলেগ হ’লেও ৰাজনীতিত দুয়ো ককাই-ভাই ৷ ইজনে আনজনক সহায় কৰি থাকে’’ ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন । নিৰ্বাচনৰ দিন ক্ৰমাৎ ওচৰ চাপি অহাৰ সময়তে সমষ্টিয়ে সমষ্টিয়ে দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে সভা সমিতি আৰম্ভ কৰিছে ৰাজ্যৰ আপ নেতৃত্বই । আজি অৰ্থাৎ সোমবাৰে প্ৰথমে ধুবুৰী জিলাৰ অন্তৰ্গত তথা দক্ষিণ শালমাৰা সমষ্টিৰ ডিমাতলা গাঁৱত এখন আপৰ জনসভা অনুষ্ঠিত কৰা হয় (AAP meeting in Dhubri) ৷ সভাত আপ অসমৰ উপ সভাপতি কমল কুমাৰ মেধিয়ে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰে ৷

ধুবুৰী সমষ্টিৰ দুৰাহাটী অঞ্চলত আয়োজিত এই সভাত আমন্ত্ৰিত অতিথি হিচাবে আম আদমী পাৰ্টী অসমৰ উপ-সভাপতি কমল কুমাৰ মেধিৰ লগতে আপ অসমৰ সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক, আপ অসমৰ মুখপাত্ৰ তথা ধুবুৰী জিলাৰ তত্বাৱধায়ক আলাল উদ্দিন আহমেদ, ধুবুৰী জিলাৰ সভাপতি জামাল হক আৰু উপ সভাপতি হাফিজ নবিবৰ ৰহমানৰ লগতে দলীয় কৰ্মকৰ্তাকে ধৰি প্ৰায় ডেৰ শতাধিক লোক উপস্থিত থাকে ৷

এই সভাতে নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা আপ অসমৰ সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰীয়ে দলটোৰ সাংগঠনিক উন্নয়নৰ ক্ষেত্ৰত দলীয় কৰ্মীৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত আলোচনা কৰি আগন্তুক পঞ্চায়ত, লোকসভা আৰু বিধানসভা নিৰ্বাচনলৈ সাজো হ’বলৈ সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক : AAP meeting in Diphu: ডিফুত AAP ৰ পূৰ্ণাংগ কমিটি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.