বিলাসীপাৰা, 4 নৱেম্বৰ : বুধবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত অসম জাতীয় পৰিষদৰ ধুবুৰী জিলা আহ্বায়ক সমিতিৰ সভা আৰু যোগদান পৰ্ব অনুষ্ঠিত হয় ৷ উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় AJP ৰ আহ্বায়ক অদীপ কুমাৰ ফুকন, জগদীশ ভুঞা, লুচি নেওগ, চন্দ্ৰ কিশোৰ শৰ্মা, যুৱ শক্তিৰ আহ্বায়ক আমিৰ হুছেইন আৰু ইফতিকাৰ হুছেইন ৷ ইয়াৰ পূৰ্বে বিলাসীপাৰা চহৰত স্থাপন কৰা AJP ৰ মুখ্য কাৰ্যালয় শুভ উদ্বোধন কৰে কেন্দ্ৰীয় আহ্বায়ক অদীপ কুমাৰ ফুকনে ৷
সভাত মুখ্য আহ্বায়ক জগদীশ ভুঞাই শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, এ আই ইউ ডি এফকো তীব্ৰ সমালোচনা কৰে ৷ লগতে একেখন সভাতে বিলাসীপাৰা জিলা সমিতিৰ এখন আহ্বায়ক সমিতি গঠন কৰা হয় ৷
উল্লেখ্য যে, সভাত বিভিন্নটা ৰাজনৈতিক দল ত্যাগ কৰি প্ৰায় পাঁচ শতাধিক লোকে AJP ত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷
লগতে পঢ়ক : ৰঙিয়াত অৰ্ধনিৰ্মিত দলঙেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা