ETV Bharat / state

ধুবুৰীত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ নিৰ্বাচনী প্ৰচাৰ - বসন্ত উৎসৱ

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দলীয় প্ৰাৰ্থী ডাঃ দেৱময় সান্যালক লগত লৈ উপস্থিত হয় ৰাজীৱ গান্ধী শিশু উদ্যানত । বসন্ত উৎসৱত অংশ লৈ মন্ত্ৰী গৰাকীয়ে ললে জিলেপীৰ সোৱাদ। ইয়াৰ পিছতে নিজৰ ভাষণত ধুবুৰীবাসী ৰাইজক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি নিজৰ কৌশলী মন্তব্যৰে ৰাইজক নিৰ্বাচনী টোপ দিলে মন্ত্ৰী জিতেন্দ্ৰ সিঙে।

ধুবুৰীত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 28, 2021, 7:44 PM IST

ধুবুৰী,28 মাৰ্চ: দেওবাৰে ৰঙৰ উৎসৱ ফাকুৱা । হোলীৰ আনন্দত মতলীয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্ত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ফাকুৱাৰ ৰঙত ৰঙীণ হ’ল পশ্চিম অসমৰ ধুবুৰী জিলা । ধুবুৰী ৰাজীৱ গান্ধী উদ্যানত উদযাপন কৰা হৈছে বসন্ত উৎসৱ । বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ নৃত্যত উখল মাখল পৰিৱেশ । কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী সকলে হাতত ভিন্ন ৰং লৈ কৰিছে ধেমালি । ইজনে সিজনক ফাকুৱাৰ ৰঙেৰে ৰঙীণ কৰি হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

ধুবুৰীত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

ইপিনে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দলীয় প্ৰাৰ্থী ডাঃ দেৱময় সান্যালক লগত লৈ উপস্থিত হয় ৰাজীৱ গান্ধী শিশু উদ্যানত । বসন্ত উৎসৱত অংশ লৈ মন্ত্ৰী গৰাকীয়ে ললে জিলেপীৰ সোৱাদ ।

ইয়াৰ পিছতে নিজৰ ভাষণত ধুবুৰীবাসী ৰাইজক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি নিজৰ কৌশলী মন্তব্যৰে ৰাইজক নিৰ্বাচনী টোপ দিলে মন্ত্ৰী জিতেন্দ্ৰ সিঙে । পিছে নিৰ্বাচনী আচৰণ বিধিলৈ ভয় মন্ত্ৰী গৰাকীৰ । যাৰ বাবে কৌশলী মন্তব্যৰে হোলী উৎসৱ অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ ।

উল্লেখ্য যে, ৰাজ্যত ক’ভিড মহামাৰীয়ে দ্বিতীয় বাৰৰ বাবে মহামাৰীৰ ৰূপ লোৱাৰ সময়তে এক প্ৰকাৰ ক’ভিড প্ৰটকলক আওকাণ কৰি লোকে লোকৰণ্য হ’ল ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যান ।

লগতে পঢ়ক: মহাজোঁট বন্ধনৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.