ETV Bharat / state

ধুবুৰীত এইবাৰ ত্ৰিকোণীয়া যুঁজ : "ধুবুৰী মানেই আজমল নহয়" - javed

কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ সৈতে ভাল বন্ধুত্ব আছে যদিও ৰাজনীতিৰ ক্ষেত্ৰত ৰাজনৈতিক যুজঁ হ'বই বুলি মন্তব্য কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামে ৷ ব্যক্তিগত সম্পৰ্কই ৰাজনৈতিক সম্পৰ্কত প্ৰভাৱ নেপেলাই বুলিও মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ৷

fg
author img

By

Published : Mar 31, 2019, 2:07 PM IST

ধুবুৰী , 31 মাৰ্চ : ধুবুৰীত অগপ বিজেপি আৰু বিপিএফ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ । পাঁচ এপ্ৰিলৰ পৰা অনুষ্ঠানিক ভাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হব যদিও কৰ্মী সভাৰ জৰিয়তে একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰাৰ্থীগৰাকীয়ে । যোৱা দুটা দিনধৰি ধুবুৰীৰ বিভিন্ন অঞ্চলত মিত্ৰ দলৰ কৰ্মী সকলৰ সৈতে বৈঠকত মিলিত হয় প্ৰাৰ্থী গৰাকী । বিপিএফৰ জিলা কাৰ্য্যালয়ত এখন সভা অনুষ্ঠিত কৰি তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰি কংগ্ৰেছ আৰু এ এই ইউ ডি এফক সমালোচনা কৰে মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলামে।

ধুবুৰীত ত্ৰিকোণীয়া যুঁজ

আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ সৈতে ভাল বন্ধুত্ব আছে যদিও ৰাজনীতিৰ ক্ষেত্ৰত ৰাজনৈতিক যুজঁ হবই বুলি মন্তব্য কৰে জাভেদ ইছলামে ৷ বিপক্ষই যেনেধৰণৰ প্ৰাৰ্থীকেই প্ৰাৰ্থীত্ব প্ৰদান কৰে মিত্ৰজোঁটৰ বিজয় নিশ্চিত বুলি তেওঁ মন্তব্য কৰে ৷ আজমলে ৰাজনীতিটো এটা বেলেগ পৰ্যায়লৈ লৈ গৈছে বুলি কৈ আজমলে বহু মিছা কথা কৈছে বুলি সমালোচনা কৰে জাভেদ ইছলামে। আনহাতে যোৱা কেইদিনত যথেষ্ট সঁহাৰি পাইছে বুলি দাবী কৰাৰ বিপৰীতে এইবেলি ত্ৰিকোণীয়া যুজঁ হোৱাৰ আশংকা কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে ৷

Intro: মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ। যোৱা দুটা দিনধৰি ধুবুৰীৰ বিভিন্ন অঞ্চলত মিত্ৰ দলৰ কৰ্মী সকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। বিপিএফৰ জিলা কাৰ্য্যালয়ত এখন সভা অনুষ্ঠিত কৰি তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰি কংগ্ৰেছ আৰু এ এই ইউ ডি এফক সমালোচনা কৰে।

Body: অগপ বিজেপি আৰু বিপিএফ মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে ধুবুৰীত। অহা পাঁচ এপ্ৰিলৰ পৰা অনুষ্ঠানিক ভাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব জাবেদ ইছলামে। যদিওঁ পকেট মিটিং আৰু কৰ্মী সভাৰ জৰিয়তে একপ্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে জাবেদ ইছলামে। যোৱা দুটা দিনধৰি ধুবুৰীৰ বিভিন্ন অঞ্চলত মিত্ৰ দলৰ কৰ্মী সকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। বিপিএফৰ জিলা কাৰ্য্যালয়ত এখন সভা অনুষ্ঠিত কৰি তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰি কংগ্ৰেছ আৰু এ এই ইউ ডি এফক সমালোচনা কৰে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে। ইপিনে এসময়ৰ দাদা ব্ৰিগেড হিমন্তৰ সৌৱে বাওয়ে সহযোগী আৰু বৰ্তমান কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ সৈতে ভাল বন্ধুত্ব আছে যদিওঁ ৰাজনীতিৰ ক্ষেত্ৰত ৰাজনৈতিক যুজঁ হবই বুলি মন্তব্য কৰে। আনহাতে কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী দিলেওঁ মিত্ৰ দলৰ বাবে ভাল আৰু শক্তিশালী প্ৰাৰ্থী দিলেওঁ মিত্ৰ দলৰ ভাবে ভাল বুলি দাবী কৰে জাবেদ ইছলামে। ইপিনে আজমলে ৰাজনীতিটো এটা বেলেগ পৰ্যায়লৈ লৈ গৈছে বুলি কৈ আজমলে বহু মিছা কথা কৈছে বুলি সমালোচনা কৰে জাবেদ ইছলামে। আনহাতে যোৱা কেইদিনত যথেষ্ট সঁহাৰি পাইছে বুলি দাবী কৰাৰ বিপৰীতে এইবেলি ত্ৰিকণীয়া যুজঁ হোৱাৰ আশংকা কৰে জাবেদ ইছলামে।

Conclusion: অৱশ্যে অগপ বিজেপি বিপিএফ মিত্ৰ দল, কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলেও বৰ্তমান প্ৰেক্ষাপটত ধুবুৰীত এইবেলি ত্ৰিকণীয়া যুজঁ হোৱাটো নিশ্চিত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.