ETV Bharat / state

অশোক কুমাৰ সিংহীৰ হৈ প্ৰচাৰ চলালে জে পি নাড্ডাই

author img

By

Published : Mar 30, 2021, 10:10 PM IST

নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে মঙলবাৰে বিয়লি বিলাসীপাৰাত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিজেপি চৰকাৰে ৰূপায়ন কৰা অভিলাষী আঁচনি সন্দৰ্ভত বিস্তৃত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে ।

অশোক কুমাৰ সিংহীৰ হৈ প্ৰচাৰ চলালে জে পি নাড্ডাই
অশোক কুমাৰ সিংহীৰ হৈ প্ৰচাৰ চলালে জে পি নাড্ডাই

পশ্চিম বিলাসীপাৰা, 30 মাৰ্চ: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে মঙলবাৰে বিয়লি বিলাসীপাৰাত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । সভাতেই কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিজেপি চৰকাৰে ৰূপায়ন কৰা অভিলাষী আঁচনি সন্দৰ্ভত বিস্তৃত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে । বিলাসীপাৰাৰ আই এন এ খেলপথাৰত হেলিকপ্তাৰেৰে অৱতৰন কৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংহীৰহৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।

সভাপতি গৰাকীয়ে বিশাল নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত বিজেপি চৰকাৰে বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকৰ হকে ৰূপায়ণ কৰা আঁচনি সমুহ আলোকপাত কৰাৰ লগতে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী অসমত ৰাজনৈতিক পৰ্যটক হিচাপে অহা বুলি কটাক্ষ কৰে ৷ কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লৈ সভাপতি গৰাকীয়ে কয়, এশিঙীয়া গড় কংগ্ৰেছৰ শাসনত বিলুপ্ত হ'বলৈ ধৰিছিল । বৰ্তমানে বিজেপি চৰকাৰৰ দিনত কংগ্ৰেছ দলটোৱে বিলুপ্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে । কংগ্ৰেছে সকলোকে ভাগ ভাগ কৰাৰ ৰাজনীতি কৰে, পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলোৰে বিকাশৰ হকে কাম কৰে।

লগতে পঢ়ক: বৰাকত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.