ধুবুৰী,21 জুনঃ ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী আৰক্ষী চাউনিত শুকুৰবাৰে যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীকে ধৰি ধুবুৰী জিলা প্ৰশাসনৰ সকলো বিষয় ববীয়া আৰু আৰক্ষী প্ৰশাসনৰ সকলো বিষয় ববীয়াৰ লগতে স্থানীয় ৰাইজে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই কাৰ্যসূচীত অ বি চি উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিধায়ক অশ্বিনী ৰায় সৰকাৰে মুখ্য অতিথি হিচাপে অংশ লয় ।
ইপিনে ধুবুৰী হ্যেপি কনভেণ্ট নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানতো ব্যপক আয়োজন কৰা হয় যোগ দিৱসৰ । বিদ্যালয় প্ৰাঙ্গনত সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা যায় ।