বিলাসীপাৰা,9 মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সোমবাৰে পালন কৰা হ'ল আন্তৰ্জাতিক নাৰী দিৱস ৷ বিশ্বৰ ভিন্ন প্ৰান্তত নাৰী দিৱস উদযাপন কৰাৰ লক্ষ্য আৰু উদ্দেশ্যে বেলেগ বেলেগ। ক'ৰবাত যদি নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে পালন কৰা হয়, আকৌ ক'ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক দায়বদ্ধতা প্ৰতিষ্ঠাৰ উদ্দেশ্যে নাৰী দিৱস পালন কৰা হয় । সমগ্ৰ ভাৰতৰ সগতে অসমৰো বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হ'ল নাৰী দিৱস ৷ বিলাসীপাৰা নিৰ্বাচনী বিষয়াৰ উদ্যোগত সোমবাৰে বিয়লি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় আন্তৰ্জাতিক নাৰী দিৱস। মহিলাসকলক ২১ ৰ বিধানসভা নিৰ্বাচনত অংশ গ্ৰহণৰ বাবে শপত বাক্য পাঠ কৰাই বগৰীবাৰী ৰাজহ চক্ৰ বিষয়াই।
বাক্সা: বিশ্বত দেখা দিয়া মহামাৰী ক'ভিড-১৯ৰ জটীল পৰিস্থিতিৰ সময়ত সমুখৰ পৰা যুঁজ দিয়া ৰাজ্যৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মী তথা আন মহিলা চাফাই কৰ্মী সকলক বিশেষভাৱে ধন্যবাদ জনাই ৱাচ প্ৰগ্ৰেম তথা ইউনিচেফৰ কনচাল্টেন্ট প্ৰদীপ হাজোৱাৰীয়ে। বাক্সা জিলাত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত সভাত মহিলা সকলক স্বাস্থ্য সন্মত সজাগতা বৃদ্ধিৰ বাবে দিহা পৰামৰ্শ দিয়াৰ লগতে মুকলি ঠাইত শৌচ কৰা বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰ কম কৰা আৰু ডাষ্টবিনৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ৷
একেদৰে জিলাখনৰ শালবাৰীতো শালবাৰী জিলা মহিলা ইউপিপিএলৰ উদ্যোগত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ কেন্দ্রীয় সমিতিৰ তৰফৰ পৰা ইউপিপিএলৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী উপস্থিত থাকি মহিলা সকলক জাগ্ৰত হ'বলৈ আহ্বান জনোৱাৰ লগতে মহিলা সকলৰ মাজত খেল-ধেমালীৰো আয়োজন কৰে ৷
বৰপেটা: বৰপেটা জিলাৰ কলগাছিয়াত স্কাইলাইন একাডেমিৰ উদ্যোগত আৰু হেল্পলাইন ফাউণ্ডেশ্বনৰ সহযোগত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ হেল্পলাইন ফাউণ্ডেশ্বনৰ সভাপতি তথা একাডেমি খনৰ সঞ্চালক শ্বাফিউল হাছানে সমাজৰ বিভিন্ন দিশত বিশেষ ভাবে অৱদান আগবঢ়োৱা সাংবাদিকসহ ২২ গৰাকীকৈ বিশিষ্ট ব্যক্তিক আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনায় ৷
কোকৰাঝাৰ: আন আন জিলাৰ লগতে কোকৰাঝাৰ জিলাটো অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ এই অনুষ্ঠানৰ জৰিয়তে নেৰসনে নামৰ সংগঠনটোৱে ২০১২ চনৰ পৰাই ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল চলাই অহা কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ নামে বসুমতাৰী নামৰ এগৰাকী প্ৰতিষ্ঠিত মহিলা ব্যৱসায়ীক 'মহিলা বাণিজ্য বঁটা’ প্ৰদান কৰে ৷ উক্ত বঁটাৰ লগতে নগদ ৫১,০০০ হেজাৰ টকা, এখন এড়ী চাদৰ আৰু এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় ৷
চিৰাং: নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চিৰাং জিলা এবছু ৰ সহযোগত চিৰাঙৰ বেংতলৰ জাংখ্ৰীখাং ফৌথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় "আন্তৰ্জাতিক নাৰী দিৱস"।
লগতে পঢ়ক: এগৰাকী মহিলা ঠেলা চালক: তেওঁৰ বাবে আছেনে নাৰী দিৱসৰ গুৰুত্ব ?