ধুবুৰী, 28 অক্টোবৰ : বুধবাৰে পুনৰ ধুবুৰী আদালতত হাজিৰ কৰোৱা হৈছে আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড আদম আলীক । উল্লেখ্য যে, 11 অক্টোবৰত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা গো-মাফিয়া আদম আলীক 12 অক্টোবৰত ধুবুৰী আদালতত হাজিৰ কৰাই প্ৰথমে 10 দিন তাৰ পিচত পুনৰ 3 দিনৰ বাবে জিম্মালৈ নি আৰক্ষীয়ে জেৰা কৰাৰ পিচত পুনৰ আন এক গোচৰৰ ভিত্তিত 5 দিনৰ জিম্মালৈ প্ৰেৰণ ধুবুৰী আদালতে ।
উল্লেখ্য যে,তিনিটা পৰ্যায়ত নিজৰ জিম্মাত নি আদম আলীক জেৰা কৰাৰ পিচত বহু বিস্ফোৰক তথ্য লাভ কৰিছে ধুবুৰী আৰক্ষীয়ে । যদিও তদন্তৰ খাতিৰত বিতং তথ্য সদৰি কৰা নাই ধুবুৰী আৰক্ষীয়ে । ইপিনে, বুধবাৰে পুনৰ 5 দিনৰ অন্তত ধুবুৰী আদালতত আদমক হাজিৰ কৰাই ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু কৰা 1403/20 নম্বৰৰ আন গোচৰৰ ভিত্তিত আদম আলীক পুনৰ জিম্মাত বিচাৰে ধুবুৰী আৰক্ষীয়ে । যদিও আদালতে আৰক্ষীৰ জিম্মাত নিদিয়াৰ বিপৰীতে আদম আলীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : নলবাৰীত শ্বহীদ মুকুন্দ কাকতি বাছ আস্থান মুকলিৰ দাবীত গণ অৱস্থান