পশ্চিম বিলাসীপাৰা, ১৫ জুন: জৰাজীৰ্ণ ৰূপ লৈছে বিলাসীপাৰা (BILASHIPARA)ৰ বান্ধৱপাৰাত ৰঘুনাথ ছৰা বিলৰ পাৰত স্থাপন কৰা পানী যোগান(WATER SUPPLY) আঁচনিখনে । কৃষিকাৰ্যত পানী যোগানৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ২০০৮ চনতে লক্ষাধিক টকা ব্যয়েৰে এই আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল । কিন্তু এতিয়া পৰিত্যক্ত অৱস্থাত আছে আঁচনিৰ যন্ত্ৰ-পাতি ।
কেৱল এই আঁচনিখনেই নহয়, ৰঘুনাথ ছৰা বিলত চাৰিখন পানী যোগান আঁচনিৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছে । কিন্তু এখনো আঁচনি কাৰ্যক্ষম হোৱা নাই । সেয়ে, কৃষি প্ৰধান অঞ্চলটোত এটোপাল পানী যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষকসকলে ।
বিগত ১২-১৩ বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে পৰি আছে আচঁনিৰ সকলো মটৰ আৰু গৃহটো ৷ ইঞ্জিনবোৰতো মামৰে ধৰিবলৈ আৰম্ভ কৰিছে । বাঙালীপাৰা, বান্ধৱপাৰা, আনন্দনগৰ, বাতাপাৰা, টুলুপাৰা আদি অঞ্চলৰ প্ৰায় সহস্ৰাধিক বিঘা খেতিপথাৰ সামৰি নিৰ্মাণ কৰা হৈছিল আচঁনি চাৰিখন ৷
সম্প্ৰতি আঁচনিকেইখনৰ এই পঁয়ালগা অৱস্থা হোৱাত ৰাইজে জলসিঞ্চন বিভাগ(IRRIGATION DEPARTMENT)কে জগৰীয়া কৰিছে । এতিয়া কৃষক ৰাইজক উপকৃত কৰিবলৈ আঁচনি চাৰিখন কাৰ্যক্ষম কৰি তুলিবলৈ নতুন চৰকাৰক আহ্বান জনাইছে খেতিয়কসকলে ।
লগতে পঢ়ক:বৰপেটাৰ কুৰাকপাৰত ড্ৰাগছ ব্যৱসায়ী আটক