ETV Bharat / state

বিলাসীপাৰাত তিনি যুৱকৰ কামনাৰ বলি দুই ছাত্ৰী

author img

By

Published : Nov 10, 2020, 11:09 AM IST

Updated : Nov 10, 2020, 1:37 PM IST

বিলাসীপাৰত তিনি যুৱকৰ কামনাৰ বলি হ'ল দুই ছাত্ৰী ৷ গোটেই নিশা ধৰ্ষণ কৰে যুৱতী দুগৰাকীক ৷ আৰক্ষীয়ে আটক কৰিছে যুৱক তিনিজনক ৷

in-bilasipara-three-young-men-were-raped-by-two-students
বিলাসীপাৰাত তিনি যুৱকৰ কামনাৰ বলি দুই ছাত্ৰী

ধুবুৰী, 10 নৱেম্বৰ : বিলাসীপাৰাৰ হাৰকাটা মুছলিমপাৰা গাঁৱত সংঘটিত হৈছে এক পাশৱিক ধৰ্ষণ কাণ্ড ৷ অভিযোগ অনুসৰি,তিনি যুৱকে ওৰেটো নিশা ধৰ্ষণ কৰে দুই নাবালিকা ছাত্ৰীক ৷ ইতিমধ্যে,স্থানীয় ৰাইজে তিনি অভিযুক্তক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

ভুক্তভোগীৰ পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি, শনিবাৰৰ নিশা হাৰকাটা মুছলিমপাৰা গাঁৱৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু ছাত্ৰী গৰাকীৰ বান্ধৱীক লগত লৈ চাহিনুৰ আলী নামৰ প্ৰেমিকজনৰ সৈতে পলাই গৈ থকা অৱস্থাত নিশা খামাৰপাৰা গাঁৱত তিনি যুৱকৰ হাতত ধৰা পৰে ৷ পৰৱৰ্তী সময়ত যুৱক তিনিজনে প্ৰেমিক চাহিনুৰ আলী নামৰ যুৱকজনক ৰছীৰে বান্ধি যুৱতী দুগৰাকীক ওৰে নিশা ধৰ্ষণ কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ইফালে,পৰিয়ালৰ লোকে চাহিনুৰ আলীয়ে যুৱতী দুগৰাকীক পলুৱাই নিয়াৰ অভিযোগ তুলি শালকোচা আৰক্ষীত এখন এজাহাৰ দাখিল কৰাৰ পিচত আৰক্ষীয়ে চাহিনুৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

আনহাতে,এই ঘটনাৰ পিচত সোমবাৰে ধৰ্ষিতা নাবালিকাদ্বয়ৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি হোৱাত মূল ঘটনা পোহৰলৈ আহে ৷ তিনি যুৱকে ধৰ্ষিতাক চোকা অস্ত্ৰৰে ভীতি প্ৰদৰ্শন কৰি এই ঘটনা আন কাৰোবাক অৱগত কৰিলে হত্যা কৰাৰো ভাবুকি প্ৰদান কৰিছে ৷

যুৱক তিনিজনৰ কথা স্থানীয় ৰাইজে অৱগত হোৱাৰ পিচতে আটক কৰি আৰক্ষীক গতাই দিয়ে আৰু ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ধৰ্ষিতা নাবালিকাদ্বয়ে ৷ আনহাতে,নাবালিকা ধৰ্ষণকাৰী তিনিজনক ফাঁচীৰ দাবীত নিশা শালকোচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উত্তেজিত একাংশ লোকে ৷

লগতে পঢ়ক : কাছাৰত আটক 3 উগ্ৰপন্থীঃ জব্দ অস্ত্ৰ-শস্ত্ৰ

Last Updated : Nov 10, 2020, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.