ধুবুৰী,21 ফেব্ৰুৱাৰীঃ শনিবাৰে নিশা ধুবুৰী জিলা প্ৰশাসনে ৰোগীৰ জীৱনক লৈ হেতালি খেলা একাংশ ঔষধ ব্যৱসায়ীৰ বিৰুদ্ধে চলাই অভিযান ৷ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ছাৰফৰাজ হকৰ নেতৃত্বত দণ্ডাধীশ পৰ্যায়ৰ পাঁচজনীয়া প্ৰশাসনিক বিষয়াৰ এটি দলে শনিবাৰে নিশা ঝগৰাৰ পাৰ অঞ্চলত চলা এক অভিযানত এটা পৰীক্ষাগাৰ আৰু তিনিখন ফাৰ্মাচী ছীল কৰি দিয়ে ৷
![ধুবুৰীত অবৈধ ফাৰ্মাচী আৰু পৰীক্ষাগাৰৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-01-21feb-illigal-pharma-sill-visbyte-as10041_21022021090722_2102f_1613878642_172.jpg)
উল্লেখ্য যে, ধুবুৰীৰ চিভিল হাস্পতাল ৰোডৰ ঝাগৰাপাৰাত থকা সোভানা মেডিকেল নামৰ ফাৰ্মাচীখনে দীর্ঘদিন ধৰি কোনো অনুমতি নোহোৱাকৈ ৰোগীৰ এক্স-ৰে কৰি আহিছিল ৷ আনহাতে,পাৰবিন মেডিকেল আৰু চিটি মেডিকেল নামৰ আন দুখন ফাৰ্মাচীয়ে অনুমতি অবিহনেই ঔষধৰ ব্যৱসায় চলাই আহিছিল ৷ আনকি এই অভিযানত ম্যাদ উকলা ঔষধো উদ্ধাৰ কৰা হৈছিল উক্ত ফাৰ্মাচী কেইখনৰ পৰা । পৰিতাপৰ বিষয় যে, তিনিওখন ফাৰ্মাচীয়ে ফাৰ্মাচিষ্ট অবিহনে ঔষধ বিক্ৰী কৰি থকাৰ কথা জিলা প্ৰশাসনৰ এই অভিযান কালত ধৰা পৰে ৷ আনহাতে চিটি মেডিকেলৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰক্ষীক এখন এজাহাৰ দাখিল কৰাৰ ফলত আৰক্ষীয়ে ফাৰ্মাচীখন ছীল কৰি দিয়ে । লগতে পাৰবীন মেডিকেল আৰু সোভানা মেডিকেলতো জিলা প্ৰশাসনে তলা মাৰি ছীল কৰি দিয়ে ।
উল্লেখ্য যে, তিনিওখন ফাৰ্মাচী ছীল কৰি দিয়াৰ লগতে জিলা প্ৰশাসনৰ দণ্ডাধীশ পৰ্যায়ৰ অভিযানকাৰী দলটোৱে এইক্ষেত্ৰত তদন্ত আৰম্ভ কৰিছে ৷ পৰৱৰ্তী সময়তো দুৰ্নীতিৰ বিৰুদ্ধে এনেধৰণৰ অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে অভিযানকাৰী দলটোৱে । পৰিতাপৰ বিষয় যে, ধুবুৰীত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী আৰু এক্সৰে-ছন’গ্ৰাফীৰ দৰে আছে বহু পৰীক্ষাগাৰ । য’ত অবৈধ পৰীক্ষাগাৰ সমূহে কোনো ৰেডিঅ'লজিষ্ট আৰু পেথ'লজিষ্ট অবিহনেই ৰোগীৰ বিভিন্ন পৰীক্ষা কৰি থকাৰ লগতে অনুজ্ঞাপত্ৰ অবিহনে ডে' কেয়াৰ কেন্দ্ৰ খুলি ৰোগীৰ চিকিৎসা চলাই আহিছে ৷ এনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে এইসমূহ ফাৰ্মাচী আৰু পৰীক্ষাগাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ।
![ধুবুৰীত অবৈধ ফাৰ্মাচী আৰু পৰীক্ষাগাৰৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-01-21feb-illigal-pharma-sill-visbyte-as10041_21022021090722_2102f_1613878642_563.jpg)
লগতে পঢ়কঃ ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ হ’ল ডাকঘৰ